ভাৰতৰ জাতীয় পতাকা ৰচনা | ভাৰতৰ জাতীয় পতাকা বিষয়ে ৰচনা | ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰৰ নীতি নিয়ম |ভাৰতৰ জাতীয় পতাকাখনৰ তাৎপৰ্য | ভাৰতীয় জাতীয় পতাকাৰ ৰং অৰ্থ | পতাকা উত্তোলনৰ নিয়ম কি | ৰাষ্ট্ৰীয় পতাকাৰ নিয়ম |
ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন | ত্ৰিৰংগ পতাকা | ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিয়ম | জাতীয় পতাকাৰ তিনিটা ৰঙৰ অৰ্থ | জাতীয় পতাকাৰ সেউজীয়া ৰঙৰ অৰ্থ | জাতীয় পতাকাৰ ৰং অৰ্থ | গেৰুৱা ৰং অৰ্থ | Indian National Flag History | The National Flag of India Essay in Assamese
ভাৰতৰ জাতীয় পতাকাৰ ইতিহাস
স্বাধীতাৰ আগত : ১৯৪৭ চনৰ ২২ জুলাইত গণ পৰিষদে অশোক- চক্ৰ সম্বলিত ত্ৰিবৰ্ণৰঞ্জিত পতাকাকেই জাতিৰ ঐতিহ্য, সংস্কৃতি, আশা – আকাংক্ষাৰ মূৰ্ত্তপ্ৰতীক স্বৰূপে জাতীয় পতাকাৰ মৰ্যদা দান কৰে।
ভাৰতীয় জাতীয় পতাকাৰ ইতিহাস দীঘলীয়া অথচ গৌৰৱমণ্ডিত।১৯০৬ চনত ইংলেণ্ড আৰু ফৰাচী দেশত বাস কৰা প্ৰবাসী,স্বদেশপ্রেমিকসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্ৰহণ কৰে। উপৰভাগত ডাঠ হালধীয়া, মাজ ভাগত বগা আৰু তলৰ ভাগ ডাঠ সেউজীয়া। পতাকাখনৰ হালধীয়া ভাগত ওপৰত আঠোটা তৰা বছা হৈছিল; মাজ ভাগত “বন্দে মাতৰম”লিখা হৈছিল। সেউজীয়া ভাগৰ বাওঁহাতে সূৰ্য আৰু সোঁহাতে অৰ্দ্ধ -চক্ৰঅংকিত হৈছিল। কিন্তু ই স্থায়ী ন’হল ।
১৯১৬ চনত এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়; তেজী ৰঙা বোলে পাঁচটা আৰু সেউজীয়া বোলৰ চাৰিটা ৰেখা আঁকি বাঁওহাতে ওপৰ চুকত ইউনিয়ন জেক, মাজত এটি তৰা আৰু তলৰ ফালে হাতীপটিৰ আৰ্হিত তৰা আৰু চন্দ্ৰ অংকিত কৰা হৈছিল। ইউ স্থায়ী ন’হল।
১৯২১ চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অন্ধ্ৰৰ এজন যুৱকে গান্ধীজীক ৰঙা আৰু সেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সন্নিৱিষ্ট কৰে: ওপৰ ভাগ বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা। সোঁমাজত, দৰিদ্ৰ ভাৰতীয় “জনসাধাৰণৰ অৰ্থনৈতিক জীৱনৰ প্ৰাণকেন্দ্ৰ”যঁতৰ অংকিত কৰা হৈছিল কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই পতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে ১৯৩১ চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল।
পতাকা:১৯৩১ চনত কৰাচীত বহা কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত হয়। ৱৰ্কিং কমিটীয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া ৰং যুক্ত আৰু বাওঁহাতে ওপৰ চুকত যঁতৰ চিত্ৰ অংকিত পতাকা এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু ই ৱৰ্কিং কমিটীৰ মনঃপূত নোহোৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটীৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্ৰস্তুত কৰে। সেইমতে তিনিটা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। ওপৰত ডাঠ হালধীয়া, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব পতাকাৰ আকাৰ ৩:২ জোখৰ হ’ব । বোম্বাইত বহা কংগ্ৰেছ কমিটীৰ এই পতাকা জাতীয় পতাকাৰ গ্ৰহণ কৰে ।ৰং তিনিটাৰ অৰ্থ প্ৰতিকধৰ্মী বুলি গ্ৰহন কৰা হৈছিল। সেইমতে ডাঠ হালধীয়া ৰংটো ত্যাগ আৰু সাহসৰ, বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰঙটো বিশ্বাস আৰু শান্তিৰ আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতীক। এইখিনি পতাকাকে সকলো আন্দোলন আৰু অধিৱেশনত উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰাম ত্ৰী ব্ৰতৰ হোৱাৰ লগে লগে পতাকাখনীয়েও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰে আৰু স্বাধীনতাৰ সৈনিকসকলে ইয়াক জাতীয় মৰ্যদা প্ৰতিভূ হিচাপে গ্ৰহণ কৰিছিল।
স্বাধীনতা লাভৰ পাছত
ইতিহাস (স্বাধীনতাৰ পাছত): এই পতাকাখনিকে যঁতৰৰ সলনি এটা চক্ৰ দি জাতীয় পতাকাৰ ৰূপে গ্ৰহণ কৰা হৈছে। চক্ৰটো সাৰনাথত থকা অশোক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে। এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্ৰতীক। জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে বিশ্ববিখ্যাত ভাৰতীয় দাৰ্শনিক, প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে এইদৰে ব্যাখ্যা দিছে: গৈৰিক ৰং ত্যাগৰ প্ৰতীক; ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্ৰাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান-জ্যোতিৰ প্ৰতীক ; জ্ঞান জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্ৰদৰ্শন কৰিব। সেউজীয়া ৰং উৰ্বৰা ভাৰত ভূমিৰ শস্য-সম্ভাৰৰ নিৰ্দেশক; পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্ৰটি ধৰ্ম-চক্ৰ । ধৰ্ম-চক্ৰ সম্বলিত পতাকাত নিহিত আদৰ্শ লৈ যিসকলে কৰ্মত ব্ৰতী হ’ব সেইসকলক ধৰ্মই সঠিক পথৰ নিৰ্দেশ দিব।
প্ৰতীকৰ অৰ্থ:
বুৰঞ্জীবিদসকলৰ মটে অশোকৰ ৰাজত্বকালে যিদৰে এটা অন্ধকাৰ যুগৰ অন্ত পেলাই আন এটা নতুন-আকাংক্ষাৰে পূৰ্ণ যুগৰ সূচনা কৰিছে, সেইদৰে এই চক্ৰই প্ৰতীকৰূপে ভাৰতৰ বুৰঞ্জীৰ এক সন্ধিক্ষণত এটা শোষণেৰে ভৰা কলংকিত যুগৰ মৃত্যু ঘোষণা কৰি, আন এটা জ্যোতিৰ্ময় শান্তি, প্ৰগতিৰ যুগৰ সূচনা কৰিছে। বৌদ্ধ সাহিত্যত চক্ৰৰ অৰ্থ ন্যায় বা ধৰ্ম।কিন্তু এই ধৰ্ম সংকীৰ্ণ আনুষ্ঠানিক ধৰ্ম নহয়। এই ধৰ্ম বিশ্ব- জোৰা মানৱ-ধৰ্ম যিটো যোগে যোগে ভাৰতীয় জাতিৰ মহৎ আদৰ্শ হৈ আহিছে আৰু সিয়ে হৈছে বিশ্ব-প্ৰেম, বিশ্ব-শান্তি আৰু বিশ্ব-প্ৰগতিৰ ধৰ্ম।
দাৰ্শনিকসকলৰ মতে চক্ৰটি হৈছে জীৱন চক্ৰ, ভাগ্যচক্ৰ।”দেশৰ ভাগ্যচক্ৰই জীৱন-চেতনাৰ সন্ধিক্ষণত ন – কৈ গতি কৰিছে। এই গতি পৰাধিনতাৰপৰা স্বাধীনলৈ, এন্ধাৰৰপৰা পোহৰলৈ, গ্লানিৰ পৰা গৌৰৱলৈ। জাতিৰ ভাগ্যচক্ৰটো গতিশীল যাত্ৰাত অতীত ঐতিহ্য সঞ্জীৱিত হৈ উঠিব,দেশৰ গৌৰৱ বাঢ়িব।”
বহুতৰ মতে এই চক্ৰ সূৰ্যৰ প্ৰতীক।”ই ভাৰত আকাশত পৰাধীনতাৰ ডাৱৰ আঁতৰাই স্বাধীনতাৰ সূৰ্যোদয় বুজাইছে।”
বৈজ্ঞানিকসকলৰ মতে চক্ৰটো বৈজ্ঞানিক শক্তি সঞ্চাৰিত উৎপাদনৰ প্ৰতীক। বিজ্ঞানে স্বাস্থ্য, জ্ঞান আৰু কৰ্মশক্তি বৃদ্ধি কৰাৰ উপৰি সম্যক দৃষ্টিভঙ্গী দিয়ে। গতিকে জাতীয় পতাকাত অংকিত এই চক্ৰ-বিজ্ঞান চক্ৰ;বিজ্ঞানৰ উৎকৰ্ষ আৰু প্ৰচাৰ চক্ৰ।
নিজ নিজ দৃষ্টিভংগীৰে জাতীয় পতাকাত নিহিত অৰ্থ যিয়েই নকৰক লাগে এই কথা সঁচা যে পতাকাই জাতিৰ অতীতৰ ঐতিহ্য, বৰ্তমানৰ আশা-আকাংক্ষা আৰু ভৱিষ্যতৰ মধুময় কল্পনা, স্বপ্ন মূৰ্ত্তভাৱে প্ৰকাশ কৰিছে। জাতীয় পতাকাৰ ছত্ৰছায়াত ভাৰত বিশ্বৰ বাবে শান্তি, প্ৰগতি আৰু স্বাধীনতাৰ মূৰ্ত্ত আদৰ্শৰূপে চিৰদিন ধ্ৰুৱতৰাৰ দৰে জিলিকি ৰ’ৱ।
পতাকাৰ ব্যৱহাৰৰ নিয়ম:
১/কোনো বস্তু বা ব্যক্তিৰ গাত জাতীয় পতাকা লগাব নোৱাৰিব। অৱশ্যে ব্যক্তিগত বা আনুষ্ঠানিক পতাকা ব্যৱহাৰত বাধা নাই।
২/জাতীয় পতাকাৰ সোঁহাতে বা ঊৰ্দ্ধত কোনো পতাকা উত্তোলন কৰিব নোৱাৰিব। একে শাৰীতে অন্য পতাকা উত্তোলন কৰাৰ প্ৰয়োজন অনুভৱ কৰিলে তাক সদাই জাতীয় পতাকাৰ বাওঁহাতে আৰু কিছু চাপৰকৈ উত্তোলন কৰিব লাগিব।
৩/জাতীয় পতাকা বহন কৰি নিব লাগিলে-বাহকে সোঁ – কান্ধত ওখকৈ আৰু শোভযাত্ৰাৰ সকলোৰে আগত নিব লাগিব।
৪/জাহাজ বা যান – বাহন আদিত অন্য পতাকা থাকিলে জাতীয় পতাকা সকলোৰে উৰ্ধত উত্তোলন কৰিব লাগিব।
৫/স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আৰু বিশেষ ৰাষ্ট্ৰীয় উৎসৱতহে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। এনে দিৱসত নিজ নিজ গৃহ। দোকান – পোহাৰ, চৰকাৰী, বেচৰকাৰী সকলো অনুষ্ঠানতে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।
৬/চৰকাৰী কাৰ্যালয়, আদালত আদিত জাতীয় পতাকা চিৰ উদ্দীয়ন হৈ থাকিব পাৰে। ৰাষ্ট্ৰীয় শোক দিৱসত অৰ্দ্ধনৰ্মিত হ’ব।
৭/ পতাকা ডাঙৰ বা সৰু যিয়েই নহওঁক, আকাৰ কিন্তু ভৰাই সদাই ৩:২ হ’ব লাগিব। গৈৰিক ভাগ সদায় ওপৰ ভাগত থাকিব। পতাকা উত্তোলনৰ খুঁটাৰ নিৰ্দিষ্ট জোখ ৪০ ফুট (১৩ মিটাৰ)।
৮/পতাকা উত্তোলন কৰোতে জনতাই শ্ৰদ্ধা প্ৰদৰ্শন কৰিব লাগিব।
৯/ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে ৰাষ্ট্ৰীয় ব্যৱহাৰ নকৰি নিজ নিজ পতাকা গাড়ী, মটৰ আদিত ব্যৱহাৰ কৰিব পাৰে।