মুদ্ৰাৰ প্ৰকাৰ সমূহ হ’ল :
(১) হিচাপৰ মুদ্ৰা (Money of Account) : যি মুদ্ৰাৰ যোগেদি দেশৰ সকলো কিনা-বেচা আৰু লেন-দেনৰ হিচাপ প্ৰকাশ কৰা হয় তাক হিচাপৰ মুদ্ৰা বুলি কোৱা হয়। চৰকাৰী ঋণৰ হিচাপ, দ্রব্যমূল্য স্তৰৰ পৰিমাপ, মুদ্ৰাৰ ক্রয়ক্ষমতাৰ নিৰ্ধাৰণ আৰু আন্তৰ্জাতিক ক্ষেত্ৰত বৈদেশিক মূল্যৰ প্ৰকাশ হিচাপৰ মুদ্ৰাৰ জৰিয়তে সম্পন্ন হয়। ভাৰতৰ হিচাপ-নিকাচ ‘টকা’ৰ (Rupee) মানত আৰু আমেৰিকাৰ ‘ডলাৰ’ৰ মানত প্ৰকাশ কৰা হয়। গতিকে ভাৰতৰ টকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ হৈছে হিচাপৰ মুদ্ৰা ।
(২) প্রকৃত মুদ্রা (Actual Money) : দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্রকৃত মুদ্রা বোলে। এই মুদ্ৰাৰ জৰিয়তে যাৱতীয় বিনিময় কাৰ্য সম্পাদন কৰা হয়। বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা হৈছে প্ৰকৃত মূদ্রা।
(৩) কাগজী মুদ্রা (Paper Money) : বিশ্বৰ সকলো দেশতে কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ হাতত অৰ্পণ কৰা হৈছে। কাগজী মুদ্ৰা প্ৰচলনৰ বিপৰীতে শতকৰা ১০০ ভাগ মূল্যৰ সোণ নাইবা মূল্যৱান ধাতু জমা ৰাখিলে তাক প্ৰতিনিধিমূলক কাগজী মুদ্রা (Representative Paper Money) বোলা হয়। যিবিলাক কাগজী মুদ্ৰাক ধাতু মুদ্রা বা ধাতুৰ পৰিমাণে পৰিৱৰ্তন কৰিব পৰা যায় তেনে মুদ্ৰাক পৰিৱৰ্তনীয় কাগজী মুদ্ৰা (convertible paper money) বোলে কিন্তু অপৰিৱৰ্তনীয় কাগজী মুদ্ৰাৰ (Inconvertible Paper Money) ক্ষেত্ৰত কাগজী মুদ্ৰাক ধাতু পৰিমাণেৰে পৰিবৰ্তন কৰিব নোৱাৰি।
(৪) ধাতু মুদ্রা (Metallic Money) : তাম, ৰূপ, সোণ আদি ধাতুৰে তৈয়াৰী মুদ্ৰাক ধাতু মুদ্র বোলে।
ধাতু মুদ্রা দুই প্ৰকাৰৰ (ক) পূৰ্ণ মূল্য মুদ্ৰা আৰু (খ) প্ৰতীক বা নিদর্শন মুদ্রা।
(ক) পূর্ণ মূল্য মুদ্রা (Full value Money) : মুদ্ৰাৰ ধাতু মূল্য (Metallic value) বা অন্তর্নিহিত মূল্য (Intrinsic value) আৰু লিখিত মূল্য (Face value) একে থাকিলে তাকে পূর্ণ মূল্য মুদ্রা বোলে। পূর্ণ মূল্য মুদ্ৰাক মান মুদ্রা (Standard Money) বুলিও কোৱা হয়।
(খ) প্রতীক বা নিদর্শন মুদ্রা (Token Money) : মুদ্ৰাৰ লিখিত মূল্য ইয়াৰ ধাতু মূল্যতকৈ বেছি হ’লে তাকে প্রতীক মুদ্রা বা নিদর্শন মুদ্রা বোলে। বর্তমানকালত প্রচলিত প্রায় সকলোবোৰ ধাতু মুদ্রা প্রতীক মুদ্রা।
(৫) আদেশ মুদ্রা (Fiat Money) : চৰকাৰৰ আদেশ অনুযায়ী প্রচলিত মুদ্ৰাক আদেশ মুদ্রা বোলে। কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা আদেশ মুদ্ৰাৰ উদাহৰণ ৷ এনে মুদ্ৰাৰ লিখিত মূল্য অন্তৰ্নিহিত মূল্যতকৈ বেছি থাকে।
(৬) বিহিত মুদ্রা (Legal Tender Money) : বিধি সন্মতভাৱে গ্রহণযোগ্য মুদ্ৰাক বিহিত মুদ্রা বোলে। এই মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনৰদ্বাৰা স্বীকৃত। বিনিময়ৰ মাধ্যম হিচাপে বিহিত মুদ্রা গ্রহণ কৰিবলৈ কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু যদি কৰে তেনে ক্ষেত্ৰত আইনমতে দণ্ডনীয় হ’ব পাৰে। ভাৰতবৰ্ষত প্রচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্রা।
(৭) অবিহিত মুদ্রা (Non Legal Tender Money) : যিবোৰ মুদ্ৰা লেন-দেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু আইনৰ স্বীকৃতি লাভ নকৰে তেনে মুদ্ৰাক অবিহিত মুদ্রা বোলে। বর্তমান যুগত ব্যাপকভাৱে ব্যৱহাৰ হোৱা বেংকৰ চেক (Cheque) অবিহিত মুদ্ৰাৰ উদাহৰণ। অবিহিত মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। ইয়াৰ কাৰণ এইবোৰৰ গ্ৰহণযোগ্যতা বাধ্যতামূলক নহয়। মানুহে এইবোৰ মুদ্ৰা গ্ৰহণ কৰিব পাৰে, নকৰিবও পাৰে।
(৮) আমানত মুদ্রা বা ঋণ মুদ্রা (Deposit Money or Credit Money) : বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক আমানত মুদ্রা বা ঋণ মুদ্রা বোলে। ঋণ প্রদানৰ যোগেদি বেংকবোৰে আমানতৰ সৃষ্টি কৰে। আমানত মুদ্ৰা বিহিত মুদ্রা বা প্রকৃত মুদ্রা নহয়। কিন্তু দেশৰ মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত আমানত মুদ্ৰাৰ ভূমিকা যথেষ্ট বেছি।
(৯) ধনাদেশ মুদ্রা (Cheque Money) : বর্তমান যুগত বিভিন্ন লেন-দেনৰ ক্ষেত্ৰত ধনাদেশৰ বহল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কিন্তু ধনাদেশ বিহিত মুদ্রা বা প্রকৃত মুদ্ৰা নহয়। অৱশ্যে প্ৰকৃত মুদ্ৰা নহ’লেও অতি কম সময়ৰ ভিতৰত ধনাদেশ এখনক মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পৰা যায়। সেই কাৰণে ধনাদেশক ‘নিকট মুদ্রা’ (Near Money) বুলিও কোৱা হয়।