আঞ্চলিক গাঁৱলীয়া বেংক ব্যৱস্থা – Regional Rural Bank System
ভাৰতীয় অর্থনীতি কৃষিৰ ওপৰত অধিক নিৰ্ভৰশীল। ভাৰতৰ প্ৰায় ৭০ শতাংশ লোক গাঁও অঞ্চলত বসবাস কৰে। কৃষিয়েই মানুহৰ প্ৰধান জীৱিকা। বাণিজ্যিক বেংকসমূহে উন্নয়ন কার্যত সক্রিয় অংশ গ্রহণ কৰিলেও এইবোৰ মূলতঃ লাভ ভিত্তিক বিত্তীয় প্রতিষ্ঠান। গতিকে গ্রাম্য ঋণৰ অভাৱ সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিলে বিশিষ্ট বেংক সেৱাৰ (Specialised Bank Service) দৰকাৰ। এনে উদ্দেশ্য আগত ৰাখি ১৯৭৬ চনত ভাৰতবৰ্ষত গ্রাম্য বেংক আঁচনি গ্রহণ কৰা হয়। অসমতো ১৯৭৬ চনত পাঁচটা গাঁৱলীয়া বেংক স্থাপন কৰা হৈছিল। অসমৰ গাঁৱলীয়া বেংককেইটা হ’ল— লখিমী গাঁৱলীয়া বেংক, প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক, সোৱনশিৰি গাঁৱলীয়া বেংক, কাছাৰ গ্ৰামীণ বেংক আৰু দিহাংগী গাঁৱলীয়া বেংক। গাঁও অঞ্চলৰ খেতিয়ক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক সস্তীয়া ঋণৰ যোগান ধৰি গাঁৱলীয়া বেংকসমূহে দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ বেংক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। ২০০৬ চনত গাঁৱলীয়া বেংকসমূহক একেলগ কৰি ‘অসম গ্রামীণ বিকাশ বেংক’ নামেৰে নামকৰণ কৰা হৈছে।