অসমৰ বানপানী আৰু গৰাখহনীয়া

বানপানী

 

 অসমৰ বানপানী আৰু গৰাখহনীয়া :

 

অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাতে বাৰিষা প্ৰায়ে বানপানী হয়। ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকা অতি বিশাল। ইয়াৰ মাটিকালি ৫,৮০,০০০ বৰ্গ কিল’মিটাৰ। মাটিকালি হিচাপত ব্ৰহ্মপুত্ৰ অৱবাহিকা অসম ৰাজ্যতকৈ ৭ গুণ ডাঙৰ। এনে বিশাল অৱবাহিকাৰ পৰা পানী কঢ়িয়াই অনা ব্রহ্মপুত্রই ইয়াৰ অসমৰ অন্তৰ্গত ঠেক উপত্যকাত বানপানীৰ সৃষ্টি কৰাটো স্বাভাৱিক। ব্ৰহ্মপুত্ৰ অৱবাহিকাত কেৱল যে বৰষুণ বেছিকৈ হয় এনে নহয়, ইয়াৰ পাৰ্বত্য অঞ্চলত থকা হিমবাহবোৰেও বাৰিষা পানী যোগান ধৰি বানপানী হোৱাত সহায় কৰে। ইয়াৰ উপৰি সাম্প্ৰতিক কালত মানুহৰ বসতি, মানুহে কৰা বননি ধ্বংস আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যও (বাট-পথ, ৰে’লআলি, মঠাউৰি আদি) ঠাই বিশেষে বানপানীৰ কাৰণ হৈ পৰিছে।

সেইদৰে বৰাক নদীয়েও ইয়াৰ প্ৰায় ৫২,০০০ বৰ্গ কিল’মিটাৰ আকাৰৰ অৱবাহিকাৰপৰা পানী কঢ়িয়াই আনি অসমৰ ভিতৰুৱা ইয়াৰ উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে দুয়োটা অৱবাহিকাতে বছৰটোৰ মুঠ বৰষুণৰ প্ৰায় ৭০ শতাংশ বৰষুণ কেৱল দক্ষিণ-পশ্চিম মৌচুমীৰ কাৰ্যকালৰ (জুন- ছেপ্টেম্বৰ) ভিতৰতে হয়। বছৰটোৰ বেছি ভাগ বৰষুণ এটা ঋতুতে হোৱাটোও ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী হোৱাৰ অন্যতম প্ৰধান কাৰণ ৷

অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া জিলা দুখনৰ বাহিৰে প্ৰায় আটাইবোৰ জিলাতে কম-বেছি পৰিমাণে বানপানী হয়। জিলাবোৰৰ ভিতৰত ধেমাজি, লখিমপুৰ, নলবাৰী, বৰপেটা, ধুবুৰী, মৰিগাঁও, নগাঁও আৰু কাছাৰ জিলাত বানপানীৰ প্ৰকোপ বেছি। ইয়াৰ ভিতৰতে আকৌ ধেমাজি জিলাখনৰ অৱস্থা এই ক্ষেত্ৰত অতি শোকাৱহ।

ৰাজ্যখনত বানপানীয়ে প্ৰতি বছৰে বহুতো ক্ষয়-ক্ষতি কৰে। শস্যক্ষেত্র, মাছ পোহা পুখুৰী আদিৰ লগতে ঘৰ-দুৱাৰ, বাট-পথ আদিৰ বিস্তৰ ক্ষতিসাধন কৰে। বানপানীৰ ফলত পোহনীয়া আৰু বনৰীয়া জীৱ- জন্তুৰ লগতে মানুহো মৃত্যুৰ মুখত পৰে।

এইখিনিতে লক্ষ্য কৰিবলগীয়া কথা যে এসময়ত ব্ৰহ্মপুত্ৰৰ ঠিক পাৰৰ নিয়মীয়াকৈ বানপানী হোৱা ঠাইবোৰত জনবসতি প্রায় নাছিল বা অতি পাতলীয়া আছিল। বানপানীৰদ্বাৰা আক্ৰান্ত হয় কাৰণেই মানুহে সাধাৰণতে তেনে ঠাইবোৰক স্থায়ী বসতিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা নাছিল। কিন্তু বর্তমানে ক্ষিপ্ৰ হাৰত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহে সেইবোৰ ঠাইতো বসতি কৰিবলৈ লৈছে। সেয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ সঘনে বানপানী হোৱা প্লাবনভূমিতো (floodplain) এতিয়া জনসংখ্যাৰ ঘনত্ব যথেষ্ট পৰিমাণে বাঢ়িছে। ফলত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে। একেই কথা বৰাক উপত্যকাৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইয়াতো ক্ষতিগ্ৰস্ত মানুহৰ সংখ্যা ক্রমে বাঢ়িআছে।

যোৱা কেইটামান দশক ধৰি বানপানীৰ লগতে হোৱা গৰাখহনীয়া সমস্যাই অসমৰ ৰাইজক জুৰুলা কৰিছে।

বৰাক নদীয়েও দুই পাৰৰ বহু ঠাই খহাই সমস্যাৰ সৃষ্টি কৰিছে। কেৱল ব্ৰহ্মপুত্ৰ আৰু বৰাকেই নহয়, উপনদীবোৰেও ব্যাপক খহনীয়াৰ সৃষ্টি কৰিবলৈ লৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বহুতো উপনদীয়ে ইতিমধ্যে গতি সলাইছে। বৰ্তমানৰ হাৰত নৈৰ খহনীয়া চলি থাকিলে ৰাজ্যখনে অদূৰ ভৱিষ্যতে ভয়াৱহ সমস্যাৰ সন্মুখীন হ’ব লাগিব।

Leave a Reply