মানস ৰাষ্ট্ৰীয় উদ্যান – Manas National Park History in Assamese

মানস ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যান - Manas National Park History in Assamese

মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত আৰু লগতে চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূতান- হিমালয়ৰপাদদেশৰ ভাৱৰ অঞ্চলত অৱস্থিত । এখন অতি পুৰণি মনোৰম পৰ্যতক ভুমি। মানস ৰাষ্ট্ৰীয় উদ্যান  অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ১৯৯৯ চনত ইউনেস্ক’ৰ দ্বাৰা উদ্যানখনৰ ২৮৩৭ বৰ্গকিলোমিটাৰ বনভূমিক Biosphere Reserve অৰ্থাত্  জীৱমণ্ডলীয় সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্রজাতিৰ বন্য জীৱ-জন্তুৰ বিচৰণভূমি হিচাপে পৰিচিত। ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। মানস ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ।

এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী যেনে-নলগাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া পানী ম’হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে ।  এসময়ত উদ্যানখন কোচবিহাৰৰ  ৰজাৰ পৰিয়াল আৰু গৌৰীপুৰৰ ৰজাই মৃগয়াৰ থলী হিচাপে ব্যৱহাৰ কৰিছিল ।

১৯০৫ চনতে মানহক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ প্রস্তাৱ লৈছিল যদিও ১৯০৮ চনত হে এই প্রস্তাৱ গ্ৰহণ কৰা হয়। এই সংৰক্ষিত বনাঞ্চলখনক ১৯২৮ চনৰ ১ অক্টোবৰত ৩৬০ কিলোমিটাৰ এলেকাৰ সৈতে অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল  আৰু ২৮৩৭ বৰ্গকিলোমিটাৰ সামৰি ১৯৭৩ চনত লুপ্তপ্রায় ঢেঁকীয়াপতীয়া বাঘৰ  সংৰক্ষণৰ বাবে ‘ব্যাঘ্ৰ প্রকল্প’ হিচাপে ঘোষণা কৰা হয়। ১৯৫০ চনত মানসক বন্যপ্ৰাণ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। অভয়াৰণ্য ঘোষণা কৰাৰ আগতে, ই মানস আৰ.এফ. আৰু উত্তৰ কামৰূপ আৰ.এফ. নামৰ এক সংৰক্ষিত অৰণ্য আছিল। ১৯৫১ আৰু ১৯৫৫ চনত অঞ্চলটো ৩৯১ কিলোমিটাৰ² লৈ বৃদ্ধি কৰা হৈছিল। ই উনেস্কোৰ দ্বাৰা ১৯৮৫ চনৰ ডিচেম্বৰত এইটো এটা বিশ্ব ঐতিহ্যক্ষেত্ৰ আছিল। কহিতামা আৰ.এফ. কোকিলাবাৰী আৰ.এফ. আৰু পানবাৰী আৰ.এফ. ১৯৯০ চনত মানসক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে  ঘোষণা কৰে।

১৯৯২ চনত ইউনেস্কোৱে ইয়াক গধুৰ চোৰাং চিকাৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে বিপদত পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰে। ২৫  ফেব্ৰুৱাৰী ২০০৮  তাৰিখে, অঞ্চলটো ৯৫০ কিমি২ লৈ বৃদ্ধি কৰা হৈছিল। ২১  জুন ২০১১ তাৰিখে , ইয়াক বিপদত থকা বিশ্ব ঐতিহ্যৰ তালিকাৰ পৰা আঁতৰোৱা হয় আৰু সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰা হয়।

 

মানস ৰাষ্ট্ৰীয়  উদ্যানৰ চাৰিসীমা : 

  • উত্তৰে মানহ নদী তথা ভূটান ৰাজ্য ।
  • দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও ।
  • পশ্চিমে সোণকোষ নদীৰ পৰা ।
  • পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে।

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ উৎপত্তি :

উদ্যানখনৰ নাম মানস নদীৰ পৰা উদ্ভৱ হৈছে, যাক সৰ্প দেৱী মানসাৰ নামেৰে নামাকৰণ কৰা হৈছে। মানস নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এক মুখ্য উপনদী, যি ৰাষ্ট্ৰীয় উদ্যানৰ মাজভাগৰ মাজেৰে পাৰ হৈ যায়।

 

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ  ভৌগোলিক  বিৱৰণ  :

মানস ৰাষ্ট্ৰীয় উদ্যানৰ  ভৌগোলিক  বিৱৰণ

উদ্যানৰ এলেকা নিম্নলিখিত জিলাসমূহত পৰে: স্বায়ত্তশাসিত আঞ্চলিক অঞ্চলত চিৰাং, বাক্সা, অৰ্থাৎ ভাৰতৰ অসম ৰাজ্যৰ বিটিআৰ।  ৰাষ্ট্ৰীয় উদ্যানখনক তিনিটা ৰেঞ্জত বিভক্ত কৰা হৈছে। পশ্চিমৰেঞ্জ পানবাৰীত, কেন্দ্ৰীয়ৰেঞ্জ বৰপেটা ৰোডৰ ওচৰৰ বাঁহবাৰীত আৰু পূবৰ ৰেঞ্জটো পাঠশালাৰ সমীপৰ ভূঞাপাৰাত অৱস্থিত। পৰিসৰবোৰ ভালদৰে সংযোজিত নহয়; যদিও কেন্দ্ৰৰ পৰা পানবাৰীলৈ যোৱাৰ বাবে দুখন মুখ্য নদী কঢ়িয়াই অনা প্ৰয়োজন, কেন্দ্ৰটোক পূব পৰিসৰৰ সৈতে সংযোগ কৰা এটা খহটা পথ (ডাইমাৰী পথ) আছে। বেছিভাগ দৰ্শনাৰ্থী বনচবাৰীলৈ আহে আৰু তাৰ পিছত ভূটান সীমান্তৰ মানস নদীৰ মাথানগুৰিত অৰণ্যৰ ভিতৰত কিছু সময় অতিবাহিত কৰে।   অসম-ভূটান সীমান্তত প্রায় ৩৯১ বৰ্গকিলোমিটাৰ মাটিকালিৰে আৱৰি থকা মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ ২য় খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত প্ৰাপ্ত । ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানহ এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে- বেঁকী আৰু ভলকাডুবা। মানহৰ উপৰিও অন্য পাঁচখন উপনৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে।

মানসৰ মুঠ মাটিকালি ৫০০ বৰ্গ কি.মি. আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬১-১১০ মিটাৰ উচ্চতাত অৱস্থিত।  মানস নদীয়ে ভাৰত আৰু ভূটানক বিভক্ত কৰা এক আন্তৰ্জাতিক সীমান্ত হিচাপেও কাম কৰে। উদ্যানখনৰ উত্তৰে থকা চাভানা এলেকাৰ আধাৰ চূণশিল আৰু বেলেগ শিলেৰে গঠিত, আনহাতে উদ্যানখনৰ দক্ষিণৰ ঘাঁহনিবোৰ সূক্ষ্ম এলুভিয়ামৰ গভীৰ জমাৰ ওপৰত থিয় হৈ আছে। উপ-হিমালয় ভবৰ তেৰাই গঠনৰ সংমিশ্ৰণৰ লগতে উপ-হিমালয় পৰ্বত অৰণ্যলৈকে নদীৰ উত্তৰাধিকাৰী য়ে ইয়াক পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ আটাইতকৈ ধনী অঞ্চলসমূহৰ ভিতৰত এটা কৰি তুলিছে।

পৃথিৱীৰ মানচিত্ৰত ৯১৫১/ পূবৰপৰা ৯২00/ পূব দ্ৰাঘিমাংশ আৰু ২৬৩০/ উত্তৰৰপৰা ২৭০০/ উত্তৰ অক্ষাংশত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ  জলবায়ু :

মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। বাৰিষা যথেষ্ট বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্ম কালটো গৰম তথা সেমেকা। শীতকালত জলবায়ু শুকান আৰু নাতিশীত, ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়।  ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গড় হিচাপেত বাৰ্ষিক তাপমাত্ৰ সৰ্ব্বোচ্চ ২৯0 চেলছিয়াছ আৰু সৰ্বনিম্ন ৪0 চেলছিয়াছ । বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে ৪,০০০ মিলিমিটাৰ আৰু আৰ্দ্ৰতা শতকৰা ৯৮ শতাংশ।

 

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুঃ

মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু

 

মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৫ বিধৰ স্তন্যপায়ী জন্তু, ৫০ বিধ সৰীসৃপ আৰু ৩ বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি পোৱা গৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানত থকা – স্তন্যপায়ী প্ৰাণীবোৰৰ ভিতৰত আছে — সোণালী বান্দৰ, বাঘ, জহামাল, নলগাহৰি, ম’হ, গঁড়, হাতী, টুপীপিন্ধা বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, গোধাফুটুকী, খাগৰিকটা শহা বা দলখৰিয়া, সুগৰী পহু, দল হৰিণ, সোনালী মেকুৰী, নাহৰফুটুকী বাঘ, লতামাকৰি, মাটিভালুক, শৰপহু, মাছুৱা মেকুৰী, ভালুক মেকুৰী, বনৰৌ আদি।

মানস ব্যাঘ্ৰ মূল অংশত ১২৩ টা বাঘ আছিল যদিও ১৯৯৫ চনত এই সংখ্যা ৮০ টালৈ হ্ৰাস পায়। ভূটানৰ বনাঞ্চলীয় এলেকাৰপৰা সোণকোষ নদীলৈকে ডেৰহাজাৰতকৈ অধিক সোণালী বান্দৰে এতিয়াও বিচৰণ কৰি ফুৰে বুলি জনা যায়। স্তন্যপায়ী প্রাণীৰ উপৰি এই ৰাষ্ট্ৰীয় উদ্যানত অজগৰ, ফেঁটীসাপ; ডুৰা কাছ, শংখচূড়, ঘঁৰিয়াল, গুই আদি ভিন্ন সৰীসৃপ পোৱা যায়। উদ্যানখনৰ জলাশয়সমূহত প্রায় ৫০ তকৈ অধিক প্রজাতিৰ মাছ চিনাক্ত কৰা হৈছে। তদুপৰি উদ্যানখন অসংখ্য কীট-পতংগ আৰু নানান  জাতৰ ৰং-বিৰঙৰ পখিলাৰো বাসস্থান ।

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষীকুলঃ

 

মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে ৪৫০ প্ৰকাৰৰ অধিক প্রজাতিৰ পক্ষী  পোৱা গৈছে। বগলী, বৰটোকোলা, পেলিকান, কণুৱা, ইটাগুড়ীয়া, উলূমৰা, ধনেশ, মাছৰোকা, শেন, ফেঁচা, চিলনী, ই্গল, বালিঘোঁৰা, হঁয়কলি, সখিয়তী, ফেঁচু, কপৌ, শৰালি, চাকৈচকোৱা, দীঘলনেজী বা ৪৫০ বিধৰো অধিক প্রজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই দেখিবলৈ “পোৱা যায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বীশবাৰীৰ মূল প্রৱেশদ্বাৰত ময়ূৰৰ চালি ধৰাৰ দৃশ্যই দেশী বিদেশী পৰ্যটকক সদায় আকৰ্ষিত কৰি আহিছে।

 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ  উদ্ভিদ  ঃ

মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা প্ৰধান উদ্ভিদসমষ্টি (vegetation)ৰ প্ৰকাৰ সমূহ হ’ল-

  • উত্তৰ অংশত উপ-হিমালয়ৰ পোহৰ এলুভিয়েল অৰ্ধ-চিৰসেউজ অৰণ্য।
  • পূব হিমালয়মিশ্ৰিত আৰ্দ্ৰ আৰু শুকান পৰ্ণপাতী অৰণ্য (আটাইতকৈ সচৰাচৰ প্ৰকাৰ)।
  • নামনিৰ পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য আৰু
  • অসম উপত্যকা অৰ্ধ-চিৰসেউজ এলুভিয়েল ঘাঁহনি যি উদ্যানখনৰ প্ৰায় 50% আৱৰি আছে।

মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৪৩ বিধৰ উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে। ইয়াৰ ভিতৰত ৩৭৪ বিধ দ্বিবীজপত্ৰী ( ৮৯ বিধ বৃক্ষকে ধৰি), ১৩৯ বিধ একবিজপত্ৰী আৰু ৩০  বিধ ঢেঁকীয়াজাতীয় উদ্ভিদ।

উদ্যানখনত উদ্ভিদ বিজ্ঞানীসকলে   বহু প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিছে। তৃণ, বৃক্ষ, গুল্ম আৰু লতা চাৰিও প্রকাৰৰ উদ্ভিদেই উদ্যানখনত বিৰাজমান।

উদ্যানখনত পোৱা কেইবিধমান গছ গছনি হ’ল-শাল, চেগুন, গমাৰি, শিমলু, সোণাৰু, শিলিখা, ডিমৰু, আজাৰ, আঁহত, পলাশ, বহঁত, পমা, বগৰী, উৰিয়াম, কৰৈ, বনআম, খয়ৰ, ভাতঘিলা, মেজাংকৰি, মণিছাল, শিৰীষ, ওঁটেঙা, তেজপাত, উলূ, কীহীবন, ইকৰা, নল, খাগৰি, বিৰিণা, বাওবন, বৰতা, কঁহুৱা আদি।

 

মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যাবলৈ যাতায়াত ব্যৱস্থা ঃ

পথেৰে

গুৱাহাটীৰ পৰা NH – ৩১ হৈ গলে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ ১৭৬ কি:মি দূৰত্ব অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথে বৰপেটা ৰ`ডক  সংযুক্ত কৰিছে  যি বাঁহবাৰীৰ পৰা ২২ কিঃমিঃ পথ দূৰত্ব অৱস্থিত। গুৱাহাটীৰ পৰা পথেৰে প্ৰায় ৫ ঘণ্টাৰ যাত্ৰা।

মানসলৈ অন্যান্য পথৰ দূৰত্ব সমূহ হ`ল :

শিলিগুৰিৰ পৰা মুচা, মানস ৩২৬ কিঃমিঃ
বাগডোগ্ৰাৰ পৰা মুচা, মানস ৩৩৫ কিঃমিঃ
কাজিৰঙাৰ পৰা মুচা, মানস ৪০১ কিঃমিঃ

 

ৰেল পথেৰে

গুৱাহাটী হৈছে উত্তৰ পূৱ ভাৰতৰ প্ৰৱেশ দ্বাৰ। ৰাজধানী এক্সপ্ৰেছ সহ ভাৰতৰ সকলো মূখ্য চহৰ গুৱাহাটীৰ লগত সংযুক্ত। বৰপেটা ৰ`ড ৰেলৱে ষ্টেচনত বহুকেইখন ৰেল ৰখাই, যি ঘাইপথেৰে বাঁহবাৰী (মুচা জাংগল ৰিট্ৰিট, মানস )ৰ পৰা ২২ কিঃমিঃ দূৰত অৱস্থিত।

আকাশী পথেৰে

আটাইতকৈ ওচৰৰ বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, গুৱাহাটী বিামান বন্দৰ (১৮০ কিঃমিঃ/৫ ঘণ্টাৰ পথ)। ইণ্ডিয়ান এয়াৰলাইন্স (এয়াৰ ইণ্ডিয়া) জেট এয়াৰৱেজ, জেটলাইট, ইন্দিগ` আৰু গ` এয়াৰৰ দ্বাৰা বাগডোগ্, কলকাতা, নতুন দিল্লী, মুম্বাই, বাংগালোৰ, চেন্নাই, জয়পুৰ, হাইদৰাবাদ, গোৱা, ডিব্ৰুগড়, যোৰহাটৰ পৰা নিয়মিত ভাৱে বিমান চলাচল কৰে। দ্ৰুকএয়াৰে সপ্তাহত দুবাৰকৈ বেংকক আৰু পাৰো(ভূটান)ক গুৱাহাটীৰ লগত যোগাযোগ কৰে।

বৰঝাৰ বিমান বন্দৰৰপৰা ১৮০ কিলোমিটাৰ। তালৈ যাবলৈ বৰপেটাৰোডস্থিত ব্যাঘ্ৰ প্রকল্পৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। এই ভড’দ্যানখনৰ অভ্যন্তৰৰ মথনগুৰিত বন বিভাগৰ অধীনত দুটা বঙলা, এটা ক’টেজ আৰু এটা ডৰমিটৰী (সমূহীয়া শয়নকক্ষ) আছে। ইয়াৰ উপৰি বীশবাৰীত বন বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু পৰ্যটন বিভাগৰ এটা পৰ্যটক নিৱাস আছে। উ’দ্যানখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে বনবিভাগৰ হাতী আৰু নাৱৰো বিশেষ ব্যৱস্থা আছে। ।

 

মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা পৰ্যটকৰ বাবে উপযুক্ত সময় ঃ

মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে নবেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে খোলা থাকে। অক্টোবৰ আৰু মে মাহত বতৰৰ উপৰত নিৰ্ভৰ কৰি সাময়িক ভাবে উদ্যানখন পৰ্যটকৰ বাবে খোলা ৰখা হয়।

ডিচেম্বৰ আৰু জানুয়াৰী মাহত জীব জন্তু বোৰ অনায়াসে ঘুৰি ফুৰা চকুত পৰে সেইবাবে এই দুটা মাহত পৰ্যটকৰ বহুত ভীৰ হয়।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ  যোগাযোগ সম্পৰ্কীয় ঠিকনা:

  • ইছ কিউ বিট কাৰ্য্যালয়, মানস, ব্যাঘ্ৰ সংৰক্ষণ, দূৰভাষ-+৯১ ০৪৩৫০২২৯২০
  • ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত এলেকা, বৰপেটাৰোড-৭৮১৩১৫,

দূৰভাষ (০৩৬৬৬)২৬১৪১৩(কাঃ)২৬০৫৬০(ৰাঃ)+৯১৯৪৩৫১১১১৭২;

ই-মেইল  – fd.manastp@gmail.com ;

  • উপ.ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত বন, বৰপেটা ৰোড-৭৮১৩১৫,                                                                                                     দূৰভাষ.: +৯১৯৪৩৫১০৫৫৭৯                                                                                                                                                                Website http://worldheritagemanas.com/

 

মানস ৰাষ্ট্ৰীয় উদ্যানত নদী, বিল, ঘাঁহনি, হাবি-জংগল, সৰু সৰু পাহাৰ যি বোৰ ভুতানৰ পাহাৰৰ লগত সংলগ্ন হৈ আছে, এই সকলোবোৰে ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোৰমা কৰি তুলিছে। এই মনোৰম প্ৰাকৃতিক পৰিবেশত বন্য জীব জন্তু আৰু চৰাই চিৰিকতিৰ বিচৰণে মানস ৰাষ্ট্ৰীয় উদ্যানক পৃথিবীৰ ভিতৰতে এখন লেখত লবলগীয়া পৰ্যটক স্হলীলৈ ৰূপান্তৰিত কৰিছে। মানসৰ প্ৰাকৃতিক সৌন্দর্য আৰু বন্য প্রাণী চাবলৈ প্ৰত্যেক বছৰে টুৰিষ্ট চিজনত (tourist season) অসংখ্য দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটে ।

 

FAQ

মানস ৰাষ্ট্ৰীয় উদ্যান কত অৱস্থিত?

মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত আৰু লগতে চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূতান- হিমালয়ৰপাদদেশৰ ভাৱৰ অঞ্চলত অৱস্থিত ।

মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে ?

১৯৯০ চনত মানসক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে।

মানস ৰাষ্ট্ৰীয় উদ্যান গুৱাহাটীৰ পৰা কি:মি কিমান দূৰত্ব অৱস্থিত ?

মানস ৰাষ্ট্ৰীয় উদ্যান গুৱাহাটীৰ পৰা NH -৩১ হৈ গলে ১৭৬ কি:মি দূৰত্ব অৱস্থিত।

 

এই লিখনিটোত কিবা ভুল হলে অনুগ্ৰহ কৰি আমাক জনাব, ধন্যবাদ ।

 

লগতে চাওকঃ   কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান    আৰু অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি

 

Leave a Reply