পানীৰ সমস্যা

 

পানীৰ সমস্যা সমূহ হল –

জলসম্পদৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এক চহকী দেশ। কিন্তু পানীৰ উৎসবোৰ গোটেই দেশখনত সমানভাৱে বিতৰণ নোহোৱাটোৱে হৈছে ভাৰতৰ পানীৰ নাটনিৰ প্ৰধান সমস্যা।

ভাৰতবৰ্ষৰ পানী সম্বন্ধীয় প্রধান সমস্যা কিছুমান তলত বৰ্ণনা কৰা হ’ল ঃ

(i) ভূগৰ্ভস্থ জলৰ প্ৰাকৃতিক প্ৰদূষণ : পানীৰ সকলোবোৰ উৎসৰ ভিতৰত ভূগর্ভস্থ পানীয়েই আটাইতকৈ বিশুদ্ধ পানী। শিল্প উদ্যোগ আৰু কৃষিকাৰ্যত অতিৰিক্ত পৰিমাণে ভূগর্ভস্থ জল ব্যৱহাৰ কৰিলে ভালেমান সমস্যাৰ সন্মুখীন হ’ব লগা হয়। সাগৰৰ নিকটৱৰ্তী অঞ্চলত ভূগৰ্ভস্থ জলৰ ঘাটি পূৰ্ণ কৰিবলৈ সাগৰৰ পানী জলধাৰী শিলাৰ ভিতৰত প্ৰৱেশ কৰে আৰু তাৰ ফলত সেই পানী লৱণাক্ত হয়। মাটিৰ মাজেৰে অতিক্ৰম কৰোঁতে ভূগর্ভস্থ জলত সেই ঠাইৰ খনিজ পদার্থ দ্রৱীভূত হয়। কিছুমান খনিজ পদাৰ্থৰ উপস্থিতিয়ে ভালেমান সমস্যাৰ সৃষ্টি কৰে ।

(ii) কঠিন পানী : বায়ুমণ্ডলৰ মাজেৰে বৰষুণৰ পানী আহোঁতে ই কাৰ্বন ডাই-অক্সাইড আৰু নাইট্ৰ’জেনৰ অক্সাইডবোৰ শোষণ কৰি লয়। ফলত এই পানী কিছু পৰিমাণে অম্লযুক্ত হৈ পৰে। এই পানী মাটিৰ তৰপবোৰৰ মাজেদি অগ্ৰসৰ হওঁতে মাটিত থকা লৱণবোৰ প্ৰধানকৈ কেলছিয়াম আৰু মেগনেছিয়ামৰ বাইকার্বনেট আৰু ছালফেট লৱণবোৰ দ্রৱীভূত কৰে । ফলত পানী কঠিন হয়। এনে পানী ঘৰুৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ কাৰণে উপযুক্ত নহয়।

(iii) পানীত থকা আইৰণ : পানীত অত্যধিক পৰিমাণে আয়ৰণ মিহলি হৈ থাকিলে এবিধ অপ্রীতিকৰ গোন্ধ ওলায় আৰু ই

(a) দাঁতৰ এনামেল ভাগত চেকা পেলায়

(b) পাইপ আৰু অন্যান্য কল-কব্জাত মামৰৰ সৃষ্টি কৰে।

(c) কাপোৰ-কানি আৰু চীনা-মাটিৰ বাচন-বৰ্তনত চেকা লগায়।

 

(iv) পানীত থকা ফ্ল’ৰাইড ঃ পানীত অতিৰিক্ত ফ্ল’ৰাইডে বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

যেনেঃ  (i) হাড় আৰু দাঁতৰ গঠন বিকৃত কৰে।

(ii) ক্ল’ৰাইডৰ পৰিমাণ অত্যধিক হ’লে ল’ৰা-ছোৱালী আৰু পূৰ্ণবয়ষ্ক মানুহৰো হাড়ৰ ক্ষতি সাধন হয় ।

 

(v) পানীত থকা আৰ্ছেনিক : কিছুমান অঞ্চলৰ শিলত আৰ্ছেনিকযুক্ত লৱণ থাকে আৰু এই আৰ্ছেনিক সেই অঞ্চলৰ পানীত সোমাই পৰে। এনে পানী ব্যৱহাৰ কৰাৰ ফলত মানুহ আৰ্চেনিকৰ বিষক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয় । এই বেমাৰত আক্ৰান্ত লোকৰ ছালত ঘা হয় আৰু দীৰ্ঘদিন ধৰি আৰ্ছেনিকৰ বিষক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ যকৃতৰ ৰোগ আৰু কৰ্কট ৰোগ হ’ব পাৰে।

Leave a Reply