গৰখীয়া
গৰখীয়া শব্দৰ আভিধানিক অর্থ হল গৰু চৰাই ফুৰা মানুহ ( গো + ৰখীয়া – গৰখীয়া)। অসমৰ মানুহৰ প্ৰধান জীৱিকা হল কৃষি । কৃষি কৰিবৰ কাৰণে গৰু অপৰিহাৰ্য্য। গৰু, ম’হ নহলে কৃষিকার্য সম্পাদন কৰাত যথেষ্ট অসুবিধা হয়। গ্রাম্য জীৱনত গৰুৱে বিশিষ্ট স্থান অধিকাৰ কৰাৰ কাৰণে হিন্দুৱে গৰুক পৱিত্ৰ জ্ঞান কৰি আহিছে। গৰু, ম’হ চৰাই ফুৰা এই গৰখীয়াসকলক লৈ লোক সমাজত অনেক লোকবিশ্বাসৰ সৃষ্টি হৈছে।
গৰখীয়াসকলে প্ৰধানতঃ গৰু ৰখা, প্ৰতিপালন কৰা আদি কামখিনি কৰে৷ নিজৰ গৰু নাথাকিলেও আনৰ গৰু চৰাই জীৱিকাৰ পথ উলিয়ায়৷ এই গৰখীয়াসকলৰ জীৱন সংগ্ৰাম সমাজত অতি স্পষ্ট৷ এনে জীৱনক কেন্দ্ৰ কৰি অখ্যাতজনৰ বিখ্যাত ৰচনা হিচাপে সাধুকথা, ফকৰা-যোজনা, নীতিকথা, গীত-মাত দেশে দেশে, ঠায়ে ঠায়ে ৰচিত হৈ লোকসাহিত্যৰ ভঁৰাল চহকী কৰাত অৰিহণা যোগাইছে৷
এই বিশ্বাসবোৰৰ বৈজ্ঞানিক সত্যতা থাকক বা নাথাকক অতীজৰে পৰা পৰম্পৰাগতভাৱে চলি অহা বিশ্বাসবোৰ অজিও লোকসমাজত বিদ্যমান । পৰম পুৰুষ শ্ৰীকৃষ্ণ শিশু কালত গৰখীয়া আছিল। ভগৱান শ্ৰীকৃষ্ণই শিশু কালত গৰখীয়া বৃত্তি অৱলম্বন কৰাৰ জৰিয়তে গাঁৱলীয়া শিশুৰ ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতি যে গৰখীয়া জীৱনৰ যোগেদি আৰম্ভ হয়, তাৰ চমু আভাস পাব পাৰি।
গৰখীয়া ল’ৰাক ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত কল্পনা কৰি শ্ৰীকৃষ্ণক সন্তুষ্ট কৰাৰ মানসেৰে অসমৰ বিভিন্ন ঠাইত গৰখীয়া সেৱা, গৰখীয়া পোহা, গোপাল সেৱা, গৰখীয়া সবাহ, ৰাখাল পূজা আদি বিভিন্ন নামেৰে অনুষ্ঠান পতা হয়৷ গৰখীয়াক অন্ন দান কৰি গোধন বা গৃহস্থৰ মঙ্গল কামনা কৰি আয়োজন কৰা এই অনুষ্ঠানবোৰ অসমীয়া লোকসংস্কৃতিৰ অন্যতম অংশ৷ নামনি অসমত পালন কৰা মহহো উৎসৱতো গৰখীয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ গৰখীয়া ল’ৰাসকলে মিলি এই উৎসৱ পালন কৰে৷ এই অনুষ্ঠানত গৰখীয়াসকলে গৃহস্থৰ ঘৰত আশীৰ্বাদ প্ৰদান কৰি কুশল মংগল কামনা কৰে৷ উদাহৰণস্বৰূপে—
‘ভঁৰালত ধান হওক
গোহালিত গৰু হওক
পো-বেটী কুশলে থাকক
সুখ শান্তি ভৰি পৰক৷’
গতিকে উপৰিউক্ত তথ্যসমূহৰ পৰা আমি বুজিব পাৰো যে অতীজৰে পৰা লোকসমাজত গৰখীয়াসকলৰ বিশেষ মর্যাদা আছিল । আজিও বিয়া বাৰুত গৰখীয়াসকলৰ সন্মানৰ বাবে দৰাপক্ষই গৰখীয়াসকলৰ বাবে এখন ভাৰ লৈ আহে। দক্ষিণ কামৰূপত এই ভাৰখনক ‘গোর্খাভাৰ’ বোলে। ভাৰ খনত লাৰু, সান্দহ, কল আৰু মিঠাই আদি থাকে। তদুপৰি ভাৰখনৰ লগত গৰখীয়াসকলৰ সন্মানার্থে তামোল-পাণ আগবঢ়ায়।
অকল দক্ষিণ কামৰূপতে নহয় নামনি অসমৰ বহুতো ঠাইত গৰখীয়া থান আছে। ‘গো- সংস্কৃতি’ ৰ লগত থানসমূহৰ ইতিহাস সংপৃক্ত।’ উজনি অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ৫/৬ কিলোমিটাৰ উত্তৰ দিশত বালিগাঁৱত ‘গৰখীয়া দ’ল’নামৰ এটা দ’ল আছে। এই গৰখীয়া দল জনসাধাৰণৰ মাজত জাগ্ৰত বুলি বিশ্বাস আজিও প্ৰচলিত ।
এই গৰখীয়াসকলক লৈ অসমৰ বহুতো ঠাইত কিংবদন্তি, জনশ্ৰুতি আৰু প্ৰবাদ প্ৰচলিত হৈ আছে।
তদুপৰি গৰখীয়াসকলৰ গীত আজিও প্রচলিত। তেওঁলোকে পথাৰত গৰু চৰাওঁতে এই গীতবোৰ পৰিবেশন কৰি মনৰ দুখ- বেদনা, ভাব-অনুভূতি, আনন্দ প্ৰকাশ কৰে। এই গীতবোৰৰ মাজেৰে সমাজ ব্যৱস্থাৰ উমান পাব পাৰি। গৰখীয়া গীতবোৰ কোনে কেতিয়া সৃষ্টি কৰিছে সেইটো জনা নাযায়।
গীতবোৰৰ জৰিয়তে বন্ধু-বান্ধৱৰ মাজত সমন্বয়ৰ সোণালী সাঁকো গঢ়ি উঠে। গৰখীয়াসকলৰ কোনো এজনে যেতিয়া গৰু লৈ আগবাঢ়ি যায় তেতিয়া পলমকৈ যোৱাজনে আগতীয়াকৈ যোৱাজনক উদ্দেশ্য কৰি গায়—
ও মই যাবা লাগচু ৰহ
তেঁতেলিৰ তলতে লেপতা কাৰি বহ ।
তাৰ পিছত গৰখীয়াসকলে এঠাইত গৰুবোৰ লগ কৰি চৰণীয়া পথাৰলৈ খেদি দিয়ে। গৰুবোৰ খেদি নিওঁতে গায়—
ও…….লেটি পেটি……..হো হৈ
ও……. বাৰাৰ লেটি……হো হৈ
ও……..হুৰৈ বাৰা ………হো হৈ।
ও……..ডিঙি খাৰা …….হো হৈ
ও……ডিঙিৰ নাই গলধন …..হো হৈ
ও… ও …. গৰুখেদা টান টান…… হো হৈ।
ও… ও………গৰু যা থান থান…….হো হৈ।
গৰখীয়া সকলৰ গৰু চৰাই থাকোঁতে ভোক লাগে। তেওঁলোকে ভোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে লগত টোপোলা বান্ধি মাহ-কৰৈ নিয়াটো এক প্ৰকাৰৰ নিয়মৰ নিচিনা। সেয়েহে তেওঁলোকে মাহকৰৈ খোৱাৰ সময়ত গায়-
বাটে বাটে যাওঁ
মাহকাৰে খাওঁ
আমাৰ লগত যায় আহে
তাক এগাল দিওঁ ।
গৰখীয়াসকলে আনৰ ঘৰত থাকি ভোকে-পিয়াহে গৰু চাৰি থাকোঁতে মনৰ বেদনাবোৰ গীতৰ মাজেৰে প্ৰকাশ কৰে। আকৌ কেতিয়াবা কেতিয়াবা গৰখীয়াবোৰে হাবিত গৰুবোৰ সোমাই দি তেওঁলোকে গছৰ ছাঁত জিৰণি লৈ গায়—
বাতা বনত পৰি কান্দে
ৰাঙা কুকুৱা ।
ঝেয়াৰ লগত ঘিলা খেলে
ঝেয়াৰ ডাকুৱা
অ’হে হলো-লো-ৰে ।
পানী পৰে চিৰিপ -চিৰিপ ,
মাহে -দাঁহে খায় ,
কাপুৰ কানিৰ দুখতে
জাঙয় হবা যায় ।
অ’হে হলো-লো-ৰে ।
কেতিয়াবা কেতিয়াবা গৰখীয়াসকলে গীতসমূহ পদ আকাৰে গায়। পদতিয়ে পদটো দিয়ে আৰু বাকীবোৰে হুই…… হুই বুলি ধৰি যায়।
পদঃ
কাঁহি ঐ কুঁৱা ঐ
হুই……….হুই
হুই……….. হুই
কাঁহি নুফুলা কিয়া ঐ
মইতো ফুলুঙে……।
গৰুৱে আগ খায় কিয়া ঐ
মইতো নাখাঙে।
………………..
………………..
………………..
………………..
বেং ঐ বেং ঐ টোৰ
টোৰ টোৰোৱা কিয়া ঐ
মইতো নোটোৰ টোৰাঙে
বুঢ়াৰ দিনৰ কথা
নটোৰ-টোৰাম কিয় ঐ
হুই……….. হুই……হুই ।
এনেদৰে গৰুবোৰ খেদি দিয়ে। গোটেই দিনটো গৰু চাৰি বেলি মাৰ যোৱাৰ আগে আগে গৰুবোৰ ঘৰলৈ খেদি অনোতে গৰখীয়াসকলে গাই—
ও হে হৈছো – হো হৈ।
ও হে হালুৱা – হো হৈ।
ও দুয়ো কাণে — হো হৈ।
ও দুলুঙা – হো হৈ।
ও মাটিত পৰিল – হো হৈ।
ও কুঁজি আবুৰ – হো হৈ ।
ও কুঁজটো লৰিল – হো হৈ।
ও কুঁজত দিলা ভৰি – হো হৈ।
ও কুঁজ যায় লৰি – হো হৈ।
ও বেলি যায় পৰে – হো হৈ।
ও আমি যাও ঘৰে – হো হৈ।
এই গৰখীয়া গীতবোৰ লোক সাহিত্যৰ অমূল্য সম্পদ বুলি আমি স্বীকাৰ কৰিবই লাগিব। এই গীতবোৰ আজিও চহা সমাজত মুখে মুখে চলি আহিছে। ভিন ভিন অঞ্চলত ভিন ভিন পৰিবেশত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নানান ঘাত-প্রতিঘাতৰ মাজত জীৱন যাপন কৰি তেওঁলোকৰ উপলব্ধি তথা অভিজ্ঞতাৰে আধুনিক কোনো বাদ্যযন্ত্র নোহোৱাকৈ এই গীতবোৰ পৰিবেশন কৰি আহিছে যদিও বৰ্তমান সমাজ পৰিৱৰ্ত্তনৰ কাৰণেই হওক অথবা মানুহৰ জীৱন-যাপন প্ৰণালীৰ কাৰণেই হওক আপুৰুগীয়া এই গৰখীয়া গীতবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়েহে সময় থাকোতে প্ৰণালীৱদ্ধ ভাবে এই গীতবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে । নহলে অদূৰ ভৱিষ্যতে এই গীতবোৰ হেৰাই যাব।
তথ্য সংগ্ৰহ : দক্ষিণ কামৰূপৰ লোক সংস্কৃতিৰ এঁকাজলি গ্ৰন্থ ।