খোৱা পানীৰ নিৰ্দিষ্ট কিছুমান গুণ সদায়েই থকাটো বাঞ্চনীয়
খোৱা পানীত থাকিব লগিয়া গুণা সমূহ হল –
(i) খোৱা পানীৰ কোনোধৰণৰ বৰণ থাকিব নালাগে অর্থাৎ ই সদায় বৰণহীন হ’ব লাগে।
(ii) খোৱা পানীত কোনো আপত্তিজনক গোন্ধ থাকিব নালাগে ।
(iii) ই আম্লিক বা ক্ষাৰকীয় হ’ব নালাগে ।
(iv) খোৱাপানী পৰিষ্কাৰ আৰু মৃদু হ’ব লাগে ।
(v) আৰ্ছেনিক মুক্ত হ’ব লাগে ।
(vi) ই ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰা মুক্ত হ’ব লাগে ।
(vii) প্রতি লিটাৰত 0.1 মিঃ গ্ৰাঃতকৈ বেছি আইৰণ আৰু প্ৰতি লিটাৰত 1.0 মিঃগ্ৰাঃতকৈ অধিক ফ্ল’ৰাইড থাকিব নালাগে।
লগতে চাওকঃ এদিনত আমাৰ শৰীৰক কিমান পানী লাগে