পৃথিৱী পৃষ্ঠৰ সাগৰ – মহাসাগৰ আৰু নদ-নদীত থকা প্ৰায়বোৰ প্ৰাণীয়ে মানুহৰ কোনো ক্ষতি সাধন নকৰে । কিন্তু তাৰ মাজতো মানুহৰ মাজত বিপদৰ সৃষ্টি কৰিব পৰা কিছুমান প্ৰাণী আছে ।
দক্ষিণ আমেৰিকাৰ নৈবোৰত থকা অতি ক্ষুদ্ৰ কেনডিৰু নামৰ মাছবিধ কেনেবাকৈ আপোনাৰ শৰীৰত সোমালে আপোনাক মৃত্যুৰ মুখত পেলাব পাৰে ।
ক’ণছেল নামৰ প্ৰাণীবিধৰ মুখত বিষাক্ত শুং থাকে , যিবোৰত খোজ খালে মানুহৰ শৰীৰ স্থবিৰ হৈ মৃত্যুৰ মুখত পৰিব পাৰে ।এই শামুক জাতীয় প্ৰাণী বিধ দক্ষিন প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত পৱা যায় ।
নিৰ্মল পানীত থকা ইলেকট্ৰিক ইলছ নামৰ প্ৰাণীবিধ 650 ভল্টৰ বিজুলি প্ৰৱাহ বোৱাই আৰু এই প্ৰৱাহ মানুহ এজন মাৰি পেলাবৰ বাবে যথেষ্ট , যদিও এনে ঘটনা সংঘটিত হোৱা দেখা নাযায় । দক্ষিণ আমেৰিকাৰ ওচৰৰ নিৰ্মল পানীত এইবিধ প্ৰাণী পোৱা যায় ।
অষ্ট্ৰেলিয়াৰ সাগৰবোৰৰ বিপদ জনক অঞ্চলবোৰত থকা অক্টোপাছৰ আক্ৰমণত মানুহৰ শৰীৰ অসাৰ হৈ মৃত্যুৰ মুখত পৰে ।
জাপানত পোৱা পাফাৰ ফিছ যাক জাপানী ভাষাত ‘মাকি মাকি’ বোলা হয়, এইবিধৰ গাত অতি শক্তিশালী বিহ থাকে যি মানুহৰ শৰীৰ স্নায়ুতন্ত্ৰবোৰ বিষাক্ত কৰি মৃত্যুৰ মুখত পেলাব পাৰে ।
পিৰাণহা নামৰ মাছবিধ অতি আক্ৰমনাত্মক । দক্ষিণ আমেৰিকাৰ নৈ বোৰত এইবিধ মাছ পোৱা যায় । এই মাছবিধ পানীত থকা বহুতো চিকাৰৰ হাড়লৈকে ফালি দিযে ।
ষ্টন ফিছ নামৰ এবিধ প্ৰাণী সাগৰৰ তলিত শিলৰ আকাৰত পৰি থাকে । এই প্ৰাণীবিধৰ শুংবোৰ মানুহক ফুটিলে মানুহৰ মৃত্যু হয় ।
Bohut o nojona kotha hikib parisu ….aru akha koru.