বাগৰুম্বা হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। বড়ো জনগোষ্ঠীয়ে গৌৰৱ অনুভব কৰিব পৰাকৈ ভালেমান লোকনৃত্য আছে। এইবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় আৰু মনোমহা নৃত্য হʼল বাগৰুম্বা। ‘বগ্ৰুম বাগ্ৰুম মৌছাদে’ বাক্যাংশৰ অৰ্থ হ’ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয় বাবে এই নৃত্য-গীত বাগ্ৰুম্বা > বাগৰুম্বা নামেৰে জনাজাত। এইটো মূলতঃ এটা ধীৰ পৰিচালনা আৰু প্ৰসাৰিত হাতেৰে নিৰ্দিষ্ট ধৰণৰ বিন্যাস তৈয়াৰ কৰা নৃত্য। কেইবাগৰাকী ছোৱালীয়ে ৰঙীন সাজ-পোছাক পৰিধান কৰি পাৰম্পৰিক বড়ো সংগীত বাদ্যযন্ত্ৰৰ লগত এই নৃত্য পৰিবেশন কৰে।
অসমলৈ অহা এজন পৰ্য্যটকে এই নৃত্য বড়োসকলে বসবাস কৰা ঠাই যেনে কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, দৰং আৰু শোণিতপুৰ জিলাত চাব পাৰে। ইয়াক সাধাৰণতে বিশুবা সংক্ৰান্তি বা মধ্য এপ্ৰিলৰ সময় চোৱাত হোৱা বড়োসকলৰ উৎসৱ বৈশাগুত অনুশীলন কৰা হয়। বাগৰুম্বা নৃত্যক “পখিলা নৃত্য” বুলিও কোৱা হয়। কাৰণ অসমৰ বড়ো জনগোষ্ঠীৰ এই আকৰ্ষণীয় লোকনৃত্য চৰাই আৰু পখিলাৰ গতি সদৃশ।
বাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।