দেওধনী নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য।অসমৰ অতি প্ৰাচীন আৰু অতি আকৰ্ষণীয় নৃত্যশৈলী নৃত্য হৈছে দেওধনী নৃত্য। এই নৃত্য অসমৰ বিশেষকৈ কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ জনজাতীয় আৰু অজনজাতীয় উভয় জনগোষ্ঠীৰ মাজত বিশেষকৈ প্ৰচলিত হৈ আহিছে। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। কামৰূপ, দৰং আৰু গোৱালপাৰাত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাইখাতী, সুবচনী, বুঢ়ী গোঁসানী ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত সুকনানী আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য্য।
দেওধনী নৃত্যৰ উৎপত্তি
দেওধনী শব্দৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই। এই শব্দৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে দি আহিছে। ইয়াৰ অভিধানগত অৰ্থ হৈছে দেওৱে ধৰা মানুহৰ কঁপনি আৰু বকনি।
মহেশ্বৰ নেওগৰ মতে “দেওধনী” শব্দটোৰ উৎপত্তি হৈছে “দেৱ” আৰু “ধনি” শব্দ দুটাৰপৰা যাৰ অৰ্থ ক্ৰমে ভগৱান আৰু নাৰী। আনহাতে সংস্কৃতত ভগৱান বুজোৱা “দেৱ” আৰু শব্দ বুজোৱা “ধ্বনি”ৰ পৰাও “দেওধনী”ৰ উৎপত্তি হৈছে বুলি বহুতে মত পোষণ কৰে। যাৰ কাৰণে তেওঁলোকক দেওধনী বুলি কৈছে। এই দেওধনী নৃত্যৰ আৰম্ভণি কেতিয়া আৰু কোনে ইয়াক প্ৰচলন কৰিছিল, তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। কিন্তু বড়ো-কছাৰীসকলৰ মাজতে এই দেওধনী নৃত্য প্ৰচলিত আচিল বুলি কব পাৰি আৰু ইয়েই হৈছে আটাইতকৈ পুৰণি নৃত্য। অৱশ্যে অষ্টাদশ শতিকাত সূৰ্যখৰি দৈৱজ্ঞ ৰচিত ‘দৰংগ ৰাজবংশাৱলী’ পুথিত কছাৰীসকলৰ মাজত দেওধনী নৃত্যৰ কথা উল্লেখ আছে।
এটা কিংবদন্তীমূলক সাধুৰ মতে মনসা আছিল সাপৰ দেৱী। চান্দ সদাগৰে আন দেৱতাক দিয়াৰ দৰে মনসাক অঞ্জলি দিবলৈ অমান্তি হোৱাত মনসাই সাপৰ হতুৱাই সদাগৰৰ ছটা পুত্ৰৰ প্ৰাণ নাশ কৰে। সপ্তম পুত্ৰ লখিন্দৰৰ বেউলা নামৰ কন্যাৰ লগত বিয়া হয়। বিয়াৰ নিশাই কালনাগে লখিন্দৰক খুঁটি প্ৰাণ লয়। তেতিয়া বেউলাই এখন নাৱত লখিন্দৰৰ মৃতদেহ লৈ স্বৰ্গৰ ফালে যায়। স্বৰ্গত তেওঁ নিজৰ নৃত্যৰে দেৱতাসকলক মুগ্ধ কৰে আৰু দেৱতাসকলে লখিন্দৰক পুনৰ জীয়াই তোলে। এই কাহিনীৰ দৰেই মনসা দেৱীক সন্তুষ্ট কৰিবলৈ মনসা পূজাৰ সময়ত দেওধনী নৃত্য কৰা হয়।
দেওধনী নৃত্যৰ ধৰণ
দেওধনীসকল সৰুতে দেৱতাৰ সেৱাৰ কাৰণে উৎসৰ্গিত ছোৱালী। তেওঁলোকে কেতিয়াও বিবাহপাশত আবদ্ধ হ’ব নোৱাৰে। নৃত্যৰ সময়ত দেওধনীয়ে বুকুত ফুলাম মেখেলা, তাৰ ওপৰত তপিনা ঢাকি এখন ফুলাম কাপোৰ মেৰিয়াই লয় আৰু কঁকালত ৰঙীন টঙালিৰে টানি বান্ধি দিয়ে। টঙালিখনৰ ফুলাম আগদুটা আগফালে ওলমাই লয়। দেওধনীসকলে হাতত পতীয়া খাৰু, বাজু, ডিঙিত মাদলী, জোনবিৰি, গলত গলপতা, কাণত কেৰু, নাকত নাকফুল আৰু ভৰিত চেলেই পিন্ধে।
দেওধনীসকলে নৃত্যৰ আৰম্ভণিতে আগলি ক’লপাত এখনত চকু মুদি বহে। এজন পালিয়ে গাত বগা চেলেং এখন মেৰিয়াই দিয়ে। ওজাপালিয়ে দেৱতাৰ স্তুতি গীত আৰম্ভ কৰে। গীতৰ লগে দেওধনীয়ে মূৰটো ঘূৰাই থিয় হ’বলৈ আৰম্ভ কৰে। পালিয়ে গাৰ বগা চাদৰখন আঁতৰাই দিয়াৰ পিছত দেওধনীয়ে গীতৰ লগে লগে নৃত্যৰ ভংগীৰে থিয় হয়। মৃদু নৃত্য আৰম্ভ কৰাৰ লগে লগে মূৰৰ খোপাটো খুলি দেওধনী মুক্তকেশী হয়। ওজাই গীতত পাৰ বুলন, মৈৰা বুলন, নেউলী বুলন (পাৰ, ম’ৰা চৰাই আৰু নেউল খোজকঢ়া) আদিৰ কথা কয় আৰু দেওধনীয়ে সেই বুলনবোৰৰ গতিবোৰ ৰূপায়িত কৰে। ওজাৰ গীতৰ লগত নচা মৃদু নৃত্যৰ শেষৰফালে জয়ঢোলত কোব পৰে আৰু দেওধনীয়ে ঢোলৰ চেৱত নাচিবলৈ ধৰে। ঢোলৰ চেও বাঢ়ি যোৱাৰ লগে লগে দেওধনীয়ে মুকলি চুলিকোচা ঘূৰাই ঘূৰাই নাচে। ক্ৰমাৎ নৃত্যৰ লয় বাঢ়ি যোৱাত নৃত্যৰ ৰূপ তাণ্ডৱীয় হয়। অতি দ্ৰুতগতিত চুলিকোচা ঘূৰোৱাৰ পিছত নৃত্যৰ সামৰণি পৰে।
পাছৰ নৃত্যত কেইবাটাও ভাগ থাকে। নৃত্যৰ ক্ৰমবোৰ এনেধৰণৰ: হাড়ি নাচন, শুধকৰা নাচন (দেৱতাক), শিৱ নাচন, ধৰ্ম নাচন, দুৰ্গা নাচন, ধনতোলা কুৱেৰ নাচন, কাৰ্তিক নাচন, লক্ষ্মী নাচন, আৰু মাগন মাগা নাচন। ওজাৰ গীতৰ লগত নচা নৃত্যখিনি মৃদু লাস্যপূৰ্ণ (লয়লাস) কিন্তু জয়ঢোলৰ লগত নচা নৃত্য তাণ্ডৱীয়। প্ৰতিটো নৃত্যৰ লগত বেলেগ বেলেগ বাদ্যযন্ত্ৰ লৈ ব্যৱহাৰ হয়। যেনে- শিৱনাচত কলঠৰুৱাৰ টকা বা ডম্বৰু, দুৰ্গা নাচনত তৰোৱাল, কাৰ্তিক নৃত্যত জ্বলি থকা জুইৰ দুকুৰা, লক্ষ্মী নাচনত দোণত ধান ইত্যাদি।
ওজাপালিয়ে মনসা কাব্যত থকা লক্ষ্মীন্দৰক কালী সাপে দংশন কৰা আখ্যান গোৱাৰ লগে লগে দেওধনী সভাৰ মাজত শুই পৰে। পালিসকলে দেওধনীসকলক বগা কাপোৰেৰে ঢাকি থয়। ইয়াত দেওধনী “দকঁত পৰা” বোলে। ওজাই যেতিয়া লক্ষ্মীন্দৰক জীয়াই দিয়াৰ আখ্যান পায় তেতিয়া দেওধনী উঠি বহে আৰু নৃত্যৰ অন্ত পৰে। তাৰপিছত দেওধনীসকলে কাষ চপা মানুহবোৰৰ ভৱিষ্যতবাণী কৰে।
দেওধনী নৃত্য সৰ্প দেৱী মনসা পূজাৰ লগত জড়িত। দেওধনী কন্যা, উৎসাহিত অৱস্থাত খাম (ঢোল) আৰু চিফুং(বাঁহী)ৰ লগত মহাদেৱৰ পৰা আৰম্ভ কৰি লক্ষ্মী দেৱীলৈ কেইবাগৰাকীও দেৱ-দেৱীক প্ৰসন্ন কৰিবলৈ নাচে। দেওধনী নৃত্য আচলতে দুই ধৰণৰ। এটা হʼল অৰ্ধ ধ্ৰুপদী নৃত্য আৰু আনটো অৱচেতন অৱস্থাত কৰা সমৰ্পন(নৃত্য নহয়)। মঙলদৈ আৰু দক্ষিণ পশ্চিম কামৰূপ এলেকাত দেখা পোৱা দেওধনী নৃত্য শুকননি ওজাপালিৰ লগত জড়িত। ২০০৭ চনৰ পৰা মা কামাখ্যা মন্দিৰত দেওধনী নৃত্য উৎসৱ আকাৰে দেখা যায়। এইটো বিশ্বাস কৰা যায় যে এই নৃত্যত অংশ গ্ৰহণ কৰোতাজনে কামাখ্যা দেৱীৰ পৰা বিশেষ শক্তি অৰ্জন কৰে।
বড়ো-কছাৰীসকলে পালন কৰা খেৰাই পূজাত দেওধনী নৃত্য কৰাৰ প্ৰথা উল্লেথ পোৱা যায়। ৰজা বিশ্ব সিংহৰ অভিষেকৰ সময়ত বড়ো-কছাৰীসকলে এই নৃত্য প্ৰদৰ্শন কৰিছল বুলিও তথ্য পোৱা যায়। দেওধনী নৃত্যত খাম আৰু চিফুং বজোৱা হয়। গোৱালপাৰা জিলাৰ দক্ষিণ পাৰত এই নৃত্য প্ৰচলন বিশেষভাৱে দেখা যায়। তেওঁলোকে মনসা পূজা কৰে আৰু তেওঁলোকৰ গাত দেওধনী লম্ভে বুলি বিশ্বাস কৰে। তদুপৰি কামৰূপ আৰু দৰঙত পূজাত অপৰিহাৰ্য অংগ হৈছে দেওধনী নৃত্য। মনসা পূজাৰ আৰম্ভণিতেই দেওধনী পূজা মণ্ডপলৈ আহি দেৱীৰ সন্মুখত এখন কলপাতত বহে। পোনপ্ৰথমে ওজাপালিয়ে বন্দনা গীত জুৰে। লগে লগে দেওধনীয়েও বহা ঠাইত নিজৰ শৰীৰ সঞ্চালন কৰে আৰু জয়ঢোল আৰু তালৰ লগে লগেই নৃত্য আৰম্ভ কৰে। দেওধনী নৃত্যবোৰৰ বিভিন্ন ৰূপ আছে। তাৰ ভিতৰত ৰণচণ্ডী আৰু কাৰ্তিক নাচোনেই সবাতোকৈ ভয়ংকৰ আৰু উত্তেজনাপূৰ্ণ। দেওধনীসকলৰ সাজ-পাৰ চকুত লগা ধৰণৰ। মূলত দেওধনী হৈছে আদিম জনজাতীয় সমাজৰ অনুষ্ঠান। কিন্তু ধৰ্মীয় পটভূমি আৰু ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবে বৰ্তমান ইয়াৰ ভালেখিনি পোষকতা কৰা দেখা যায়।
লগতে চাওক: অসমৰ সংস্কৃতি , অসমৰ ইতিহাস – History of Assam , সত্ৰীয়া নৃত্য , বাগৰুম্বা নৃত্য ,ঝুমুৰ নৃত্য