কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ সমাহাৰেৰে কাজিৰঙা অসমৰ এখন গুৰুত্বপূৰ্ণ পৰ্যটনস্থল। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিশ্ববিখ্যাত। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাৰ মাটিকালি প্ৰায় ৪৩০ বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সমগ্ৰ বিশ্বতে অসম তথা ভাৰতৰ ধ্বজা বহন কৰি আছে। পৃথিৱীৰ অন্যান্য উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), ম’হ (Wild Asiatic Water Buffalo) আৰু দল হৰিণ (Swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। ‘আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন’ (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে ‘গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ’ (Important Bird Area) বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় ‘জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান’ত (biodiversity hotspot) অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। ১৯০৫ চনত কাজিৰঙাক ‘সংৰক্ষিত বনাঞ্চল’ হিচাপে স্বীকৃতি দিয়া হৈছিল।
পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধণেশ, বাঢ়ৈটোকা, বিবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, বৰটোকোলা আদিৰে কাজিৰঙাৰ পক্ষীকুল অতিশয় চহকী। কাজিৰঙাত প্ৰায় ৫০০ প্ৰজাতিৰ চৰাই পোৱা যায়। এনে বৃহৎ প্ৰজাতিৰ চৰাই দেশৰ কোনো বনাঞ্চলতে নাই। গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলা সংলগ্ন কাজিৰঙাৰ উত্তৰেদি বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী।
কাজিৰঙাত যিমান বনৰীয়া ম’হ আছে, ভাৰতৰ আন কোনো ঠাইতে নাই। কাজিৰঙাত মুঠতে ৩৫ বিধ স্তন্যপায়ী প্ৰাণী, ৪২ প্ৰকাৰ মাছ আৰু প্ৰায় ৫০০ প্ৰকাৰ চৰাই (উলুম’ৰাকে ধৰি) আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সৃষ্টিৰ ইতিহাস বৰ দীঘলীয়া। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ় দিয়াত বহুলোকৰ কষ্ট আৰু প্ৰচেষ্টা জড়িত হৈ আছে। তাৰ ভিতৰত প্ৰথমে ল’ব লাগিব নিগনা চিকাৰী আৰু লেডী কাৰ্জনৰ নাম। অসমৰ কাজিৰঙাত এশিঙীয়া গঁড় পোৱা যায় বুলি গম পাই সেইসময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ পত্নী লেডী লেইষ্টাৰ কাৰ্জনে ১৯০৪ চনত কাজিৰঙালৈ এশিঙীয়া গঁড় চাবলৈ আহিছিল আৰু তেখেতক গঁড় দেখুওৱাৰ দায়িত্ব লৈছিল নিগনা চিকাৰীৰূপে বিখ্যাত বলোৰাম হাজৰিকাই। কিন্তু লেডী কাৰ্জন বিমুখ হ’ব লগা হ’ল। তেখেতে কেৱল গঁড়ৰ খোজৰ চিনহে দেখা পালে। নিগনা চিকাৰীয়ে তেতিয়া লেডী কাৰ্জনক সেইসময়ত কাজিৰঙাত চলি থকা গঁড় আৰু অন্য জীৱ-জন্তুৰ অবাধ চিকাৰৰ কথা বৰ্ণনা কৰিলে।
ইয়াৰোপৰি তেওঁ গঁড় সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লেডী কাৰ্জনৰ আগত ব্যাখ্যা আগবঢ়ায়। লেডী কাৰ্জন উভতি গৈয়েই স্বামী লৰ্ড কাৰ্জনক এই বিষয়ে অৱগত কৰিলে। লেডী কাৰ্জনৰ প্ৰস্তাৱত ব্ৰিটিছ চৰকাৰ সন্মত হ’ল। ১৯০৫ চনৰ ১ জুনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰিলে। সেইসময়ত কাজিৰঙাৰ মাটিকালি আছিল ২৩২ বৰ্গ কিলোমিটাৰ। তাৰপাছত ১৯০৮ চনৰ ৩ জানুৱাৰীত মাটিকালি ১৫২ বৰ্গ কিলোমিটাৰ বৰ্ধিত কৰি কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পাছত ১৯১৬ চনৰ ১০ নৱেম্বৰত কাজিৰঙাক মৃগয়া বন (Game Sanctuary) হিচাপে ঘোষণা কৰা হয় যদিও ‘মৃগয়া বন’ শব্দটোত চিকাৰৰ বৈধতা কথাটো সোমাই থকা বাবে ১৯৫০ চনত তদানীন্তন মুখ্য বন সংৰক্ষক পি ডি ষ্ট্ৰেচীয়ে (P D Starccy) কাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি কাজিৰঙা অভয়াৰণ্যৰূপে নামকৰণ কৰে। ইয়াৰ মাজতে ১৯৩৮ চনত কাজিৰঙাক দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। ১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু অৱশেষত ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানস্বৰূপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙাৰ মাটিকালি আছিল মুঠ ৪৩০ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত UNESCO ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ(World Heritage Site) হিচাপে ঘোষণা কৰে।
কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে।
২০০৫ চনত উলহ-মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰীয়া জয়ন্তী উদ্যাপন কৰা হয়। এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়। একে উৎসৱত ‘নিগনা চিকাৰী’ৰ নাতি হাতীৰ মাউত ‘বাপিৰাম হাজৰিকা’কো সন্মান জনোৱা হয়। ২০০৭ চনৰ প্ৰথম ভাগত কেইটামান হাতী আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱা হয়। এয়া ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী পুনৰ্বাসৰ প্ৰথম প্ৰচেষ্টা ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ উৎপত্তি :
কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান।
এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ’ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা।
এটা প্ৰবাদ মতে, শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামে এহাল অপুত্ৰক দম্পতীক সন্তান লাভৰ বাবে সেই ঠাইত এটা বৃহৎ পুখুৰী খন্দাবলৈ কৈছিল। তেওঁলোকৰ নামৰপৰাই ঠাইখনৰ নাম হ’ল কাজিৰঙা।
কাজিৰঙা নামটোৰ প্ৰাচীনত্ব সম্পন্ধে যথেষ্ট সমল পোৱা যায়। সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ সেই ফালেৰে যাওঁতে সেই ঠাইৰ মাছৰ সোৱাদত আকৃষ্ট হৈ ঠাইখিনিৰ নাম সোধাত ‘কাজিৰঙা’ বুলি উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়।
কিছু সংখ্যক বুৰঞ্জীবিদৰ মতে কাজিৰঙা কাৰ্বি ভাষাৰ ‘কাজিৰ-এ-ৰং’ শব্দৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ‘কাজীৰ গাঁও’। কাৰ্বিসকলৰ মাজত ছোৱালীৰ নাম হিচাপে ‘কাজিৰ’ বহুল প্ৰচলিত। বিশ্বাস কৰা হয় যে এটা সময়ত ‘কাজিৰ’ নামৰ এগৰাকী মহিলাই এই অঞ্চল শাসন কৰিছিল। এই অঞ্চলত সিঁচৰতি হৈ থকা কাৰ্বি ৰাজ্যৰ বিভিন্ন শিলাকৃতিয়ে এই মতবাদৰ সপক্ষে সাক্ষ্য আগবঢ়ায়।
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থান :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি অক্ষাংশ ২৬°৩০’ উ. আৰু ২৬°৪৫’ উ.-ৰ মাজত আৰু দ্ৰাঘিমাংশ ৯৩°০৮’ পূ. আৰু ৯৩°৩৬’ পূ.উ.-ৰ মাজত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাট মহকুমাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। গোলাঘাট জিলাৰ বোকাখাট মহকুমা আৰু নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদিয়েই পাৰ হৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙাৰ কাষেদিয়েই পাৰ হৈ গৈছে। কাজিৰঙাৰ মাজেদি মৰা ধনশিৰী আৰু ডিফলু নৈ বৈ গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবত বোকাখাট নগৰ, পশ্চিমত জখলাবন্ধা নগৰ,উত্তৰত ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণত কাৰ্বি পাহাৰ আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ৪৩০ বৰ্গ কিলোমিটাৰ। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ এক বিশেষত্ব হ’ল যে আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ই ঘন অৰণ্য নহয়। ইয়াৰ ৬৬.৪৪ শতাংশ ভাগ অংশই বিস্তীৰ্ণ তৃণভূমি। বাকীখিনি ২৭.৯৮ শতাংশ গভীৰ অৰণ্য আৰু ৫.৫৮ শতাংশ বিল তথা জলাহ-ভূমি। কাজিৰঙা বিস্তীৰ্ণ তৃণভূমি ঘাইকৈ কঁহুৱা, এলিফেণ্ট গ্ৰাছ, খাগৰি, উলু, ইকৰা আদিৰে সমৃদ্ধ।
কাজিৰঙাত পলসুৱা ভূমিৰ বিস্তৰ ক্ষেত্ৰ বিৰাজমান। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উটুৱাই নি জমা কৰা পলসুৱা মাটিৰে এনে ক্ষেত্ৰ গঠিত হয়। উদ্যানৰ বুকুত বালিচৰ আৰু বানপানীৰে সৃষ্ট বিলৰ পয়োভৰ দেখা যায়। এনে বিলসমূহে মুঠ মাটিকালিৰ প্ৰায় ৫.৫৮% আৱৰি আছে ওখ অংশক চাপৰি বোলা হয়। বানপানীৰ সময়ত চাপৰিতে বন্য-প্ৰাণী জমা হয়। বন্য প্ৰাণীৰ সহায়ক হ’বলৈ ভাৰতীয় সেনাৰ সহযোগত কেবাটাও কৃত্ৰিম চাপৰি সজোৱা হৈছে। হিমালয়ৰ পাদদেশত কাজিৰঙা এক বৃহৎ সংৰক্ষিত ভূমি। প্ৰজাতিৰ উল্লেখযোগ্য বিবিধতা আৰু দৰ্শনৰ বাবে এই ভূমিক ‘জৈৱবৈচিত্ৰৰ উল্লেখনীয় ক্ষেত্ৰ’ বোলা হৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। শীতকালটো শুকান আৰু নাতিশীত, নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু প্ৰায় সেমেকা। ইয়াত শীতকালত সৰ্বোচ্চ উষ্ণতা ২৬ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা ১০ ডিগ্ৰী ছেন্টিগ্ৰেড।ইয়াত গ্ৰীষ্মকালত সৰ্বোচ্চ উষ্ণতা ৩৭ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা ২২ ডিগ্ৰী ছেন্টিগ্ৰেড। গ্ৰীষ্মকালত পানীৰ উৎসৰ কাষতে জীৱ-জন্তুবোৰ বেছিকৈ দেখা যায়। জুন মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণ আহে। কাজিৰঙাৰ বাৰ্ষিক বৰষুণৰ বুজন অংশ এই কালতে হয়। বছেৰেকীয় বৰষুণৰ পৰিমাণ ২২২০ মি.মি.। বৰ্ষা ঋতুৰ প্ৰকোপ সৰ্ব্বোচ্চ হোৱাৰ সময়ত (জুলাই, আগষ্ট মাহ) উদ্যানখনৰ পশ্চিমৰ প্ৰায় তিনি চতুৰ্থাংশ পানীৰে ভৰি থাকে। ব্ৰহ্মপুত্ৰৰ উত্থিত জলপৃষ্ঠৰ লগত উদ্যানৰ পানী একাকাৰ হৈ পৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫-বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজনন স্থলী ইয়াৰে ১৫টা প্ৰজাতি ‘প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ’ৰ IUCN Red List তালিকাত ‘বিপদশংকুল’ বুলি ঘোষিত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা জীৱকুলৰ বাবে ই বিশ্ববিখ্যাত। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিশ্ববিখ্যাত। বিশ্বৰ এশিঙীয়া গঁড়ৰ প্ৰায় দুই তৃতীয়াংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে আছে।কাজিৰঙা হৈছে এশিঙীয়া গঁড়ৰ বিচৰণভূমি। কাজিৰঙাত এশিঙীয়া গঁড়ৰ ব্যাপকতাৰ বাবে ইয়াক “কাজিৰঙা দ্যা ৰাইন’লেণ্ড” বুলি আখ্যা দিয়া হয়। ২০১৮ চনত অসম চৰকাৰৰ বন বিভাগ আৰু কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ যুটীয়া উদ্যোগত কাজিৰঙাত চলোৱা এক পিয়ল অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত থকা গঁড়ৰ সংখ্যা ২,৪১৩ টা।
এশিঙীয়া গঁড়ৰ উপৰিও কাজিৰঙাত আন বহুতো প্ৰাণী আছে। তাৰ ভিতৰত – ঢেকীয়াপতীয়া বাঘ,নাহৰফুটুকী বাঘ,ঘোঙ, কুকুৰনেজীয়া বাঘ,মেকুৰীজাতীয় আন প্ৰাণী, হাতী, মেথোন, সুগৰী পহু,বনৰীয়া ম’হ,বন গাহৰি,টুপীমুৰীয়া বান্দৰ,সোণালী বান্দৰ,লাজুকী বান্দৰ,মলুৱা বান্দৰ,হলৌ বান্দৰ আদি বিবিধ প্ৰজাতিৰ বান্দৰ,ভালুক,শিয়াল,শহাপহু,বনৰৌ,হৰিণ,বিভিন্ন প্ৰকাৰৰ পহু ইত্যাদি। “বিগ ফাইভ” হিচাপে আখ্যা দিয়া পাঁচোটা জন্তুৱেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। সেইকেইটা হৈছে-গঁড়, হাতী,ঢেকীয়াপতীয়া বাঘ,ম’হ আৰু দল হৰিণ। কাজিৰঙাত পোৱা প্ৰাণীসমূহৰ ভিতৰত পোন্ধৰ(১৫)টা প্ৰজাতিৰ প্ৰাণীয়েই IUCN ৰ ৰেড লিষ্টত “বিপদশংকুল” প্ৰজাতি হিচাপে আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ ভিতৰতে বাঘৰ সৰ্বাধিক ঘনত্ব পোৱা যায়। ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক “টাইগাৰ ৰিজাৰ্ভ” ৰূপে ঘোষণা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ সৰীসৃপো পোৱা যায়।তাৰ ভিতৰত অজগৰ,ফেঁটী সাপ,ৰজা ফেঁটী আৰু বিভিন্ন প্ৰজাতিৰ সাপ,গুঁই আৰু অন্যান্য জেঠীজাতীয় বিভিন্ন সৰীসৃপ কাজিৰঙাত পোৱা যায়।ইয়াৰোপৰি কাজিৰঙাত থকা বিল,জান,পুখুৰী,জলাহ আদিত বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছ পোৱা যায়।কাজিৰঙাত মাছৰ প্ৰায় বিৰাল্লিছ(৪২)টা প্ৰজাতি আছে।ইয়াৰোপৰি বিলুপ্তপ্ৰায় শিহুও কাজিৰঙাত পোৱা যায়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰাই-চিৰিকটি :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন দেশী-বিদেশী চৰাই দেখা পোৱা যায়। কাজিৰঙাক দেশৰ সৰ্বোত্তম পক্ষী নিবাস কেন্দ্ৰৰূপেও চিনাক্তকৰণ কৰা হৈছে। শীতকালত কাজিৰঙাত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ সমাহাৰ ঘটা পৰিলক্ষিত হয়। কাজিৰঙাত সৰ্বমুঠ ৪৯০ বিধ পক্ষীৰ প্ৰজাতি আছে। তাৰে ১৯৭ টা অসমৰ স্থানীয় চৰাই,১৬৫ টা বিদেশী পৰিভ্ৰমী চৰাই আৰু ৪৬ টা স্থানীয় পৰিভ্ৰমী চৰাই।
কাজিৰঙাক Birdlife International-ৰ দ্বাৰা ‘গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ’ হিচাপে চিহ্নিত কৰা হৈছে। এই উদ্যান কেবাবিধৰ পৰিভ্ৰমী, জলচৰ, চিকাৰী, শৱখাদক আৰু চিকাৰৰ চৰাইৰে বাসস্থান। আৰু হাড়গিলা , বৰটোকোলা আৰু শামুকভঙা আদি চৰায়ে মধ্য এছিয়াৰ পৰা শীতকালত কাজিৰঙালৈ প্ৰব্ৰজন কৰে।জলচৰ চৰাইৰ ভিতৰত মুখ্য হৈছে: Blyth’s Kingfisher, White-bellied Heron, Dalmatian Pelican, Spot-billed Pelican, Nordmann’s Greenshank, Black-bellied Tern. চিকাৰী চৰাইৰ ভিতৰত ঈগল (Eastern Imperial Eagle), Greater Spotted, White-tailed, Pallas’s Fish Eagle, Grey-headed Fish Eagle, আৰু Lesser Kestrel .
আগতে কাজিৰঙাত সাতোটা ভিন্ন প্ৰজাতিৰ শগুন দেখা গৈছিল। কিন্তু বৰ্তমান শগুনৰ বিলুপ্তপ্ৰায় অৱস্থা হৈছে। ইয়াৰ মূল কাৰণ হিচাপে ডাইক্লোফেনাক (diclofenac) নামৰ ঔষধ থকা শৱ আহাৰ হিচাপে গ্ৰহণ কৰাকে ভবা হৈছে। বৰ্তমান Indian Vulture, Slender-billed Vulture, আৰু Indian White-rumped Vulture, এই তিনিটা প্ৰজাতিৰ শগুনহে দেখিবলৈ পোৱা যায়।
অন্যান্য চৰাইৰ ভিতৰত Great Indian Hornbill আৰু Wreathed Hornbill, Old World babbler-ৰ ভিতৰত Jerdon’s আৰু Marsh Babbler, পাতসিয়া চৰাইৰ ভিতৰত সাধাৰণতে দেখিবলৈ পোৱা টোকোৰা আৰু লুপ্তপ্ৰায় (threatened) Finn’s Weaver; thrushes-ৰ ভিতৰত Hodgson’s Bushchat; আৰু Old World warblers-ৰ ভিতৰত Bristled Grassbird আদি উল্লেখযোগ্য। অন্যান্য লুপ্তপ্ৰায় চৰাই, Black-breasted Parrotbill আৰু Rufous-vented Prinia দেখিবলৈ পোৱা যায়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদ :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰু-তৃণৰে আৱৰা। প্ৰকৃতিৰ শ্যামল চাদৰখন কাজিৰঙাত অপৰিসীমভাৱে বিস্তৃত হৈ আছে। কাজিৰঙাত মূলতঃ চাৰি প্ৰকাৰৰ উদ্ভিদ দেখা পৰিলক্ষিত হয়। সেই প্ৰকাৰকেইটা হৈছে –
১)পলসুৱা মাটিৰ ঘাঁহনি, ২)পলসুৱা মাটিৰ অৰণ্য, ৩)পৰ্ণপাতী অৰণ্য আৰু ৪)অৰ্ধ-চিৰসেউজ অৰণ্য।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বৃহত্তৰ অংশ তৃণভূমিৰে আৱৰা। কাজিৰঙাৰ প্ৰায় ৬৬.৪৪ শতাংশ তৃণভূমিৰে আৱৰি আছে। বাকী ২৭.৯৮ শতাংশ গভীৰ অৰণ্যভূমিয়ে আৰু ৫.৫৮ শতাংশ জলাহভূমিয়ে আগুৰি আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব আৰু পশ্চিম অংশৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে। পশ্চিম অংশ পূবতকৈ নামনিত। পশ্চিম অংশ ঘাঁহনিৰে আৱৰা। ওখ ঘাঁহ ওখ অংশত পোৱা যায়, আনহাতে চাপৰ ঘাঁহ পোৱা যায় আপেক্ষিক ভাৱে কম উচ্চ আৰু জলাশবসমূহৰ পাৰে পাৰে। বছৰেকীয়া বানপানী, তৃণভোজীৰ চাৰণ আৰু নিয়ন্ত্ৰিত ভাৱে জ্বলাই দিয়াৰ বাবে ঘাঁহনি আৰু খাগৰি অক্ষুণ্ণ থাকে। ওখ ঘাঁহৰ ভিতৰত কুঁহিয়াৰ (sugarcanes), spear grass, elephant grass, আৰু নল-খাগৰি (Phragmites/common reed) প্ৰধান। ঘাঁহৰ মাজে মাজে বিভিন্ন বনৰীয়া ফুল বিৰাজমান। ঘাঁহনিৰ মাজে মাজে কেবাটাও প্ৰজাতিৰ গছ দেখিবলৈ পোৱা যায়। ঘাঁহনিক ছাঁয়া দি ৰখা এই ওখ গছসমূহৰ ভিতৰত ছাভানা ঘাঁহনিত kumbhi, Indian gooseberry, শিমলু (cotton tree), আৰু পলসুৱা ঘাঁহনিত ঔটেঙা (elephant apple) গছেই প্ৰধান।
কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে Aphanamixis polystachya, Talauma hodgsonii, Dillenia indica, Garcinia tinctoria, Ficus rumphii, Cinnamomum bejolghota, আৰু Syzygium বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধিবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য দেখা যায়। এই অংশত পোৱা যায় Albizia procera, Duabanga grandiflora, Lagerstroemia speciosa, Crateva unilocularis, Sterculia urens, Grewia serrulata, Mallotus philippensis, Bridelia retusa, Aphania rubra, Leea indica, আৰু Leea umbraculifera.
কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। পানী মেটেকা (water hyacinth) কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ। পানী-মেটেকাই জলাশয়সমূহ ঢাকি পেলায় যদিও বানপানীয়ে বছৰি মেটেকা নিৰ্মূল কৰে। আন এবিধ আগ্ৰাসী উদ্ভিদ Mimosa invisa, যি তৃণভোজী প্ৰাণীৰ বাবে হানিকাৰক। ২০০৫ চনত Wildlife Trust of India-ৰ সহযোগত কাজিৰঙাৰ কৰ্মচাৰীয়ে ইয়াক নিৰ্মূল কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন:-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈ মুকলি কৰি দিয়া হয়।বাৰিষা বতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বাবে কাজিৰঙালৈ পৰিবহণত সুবিধা।লগতে পৰ্যটকৰ সুবিধাৰ হেতু ইয়াৰ কাষতে হোটেল,ল’জ আদি গঢ় লৈ উঠিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে এক আকৰ্ষণৰ স্থল। প্ৰতিবছৰে প্ৰায় এক(১)ৰ পৰা দুই(২) লাখ দেশী-বিদেশী পৰ্যটক কাজিৰঙা পৰিদৰ্শন কৰি নৈসৰ্গিক সৌন্দৰ্যৰ সোৱাদ ল’বলৈ আহে।
ভাৰতৰ বন্যপ্ৰাণীৰ অভিজ্ঞতা লাভৰ বাবে কাজিৰঙা অন্যতম চিনাকি আৰু শ্ৰেষ্ঠ স্থান। উদ্যানখনত বাস কৰা ভৰপূৰ বন্যপ্ৰাণীৰ আভাস পাবলৈ দৰ্শনাৰ্থীৰ বাবে নিয়মীয়াকৈ ছাফাৰী আছে। এই ধৰণৰ ছাফাৰীত আপুনি যাব পাৰে:
হাতী ছাফাৰী : মাউতৰ দ্বাৰা চালিত হাতী
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে চেণ্ট্ৰেল ৰেঞ্জ আৰু ৱেষ্টাৰ্ণ ৰেঞ্জত হাতী ছাফাৰী সম্ভৱপৰ। পুৱা ০৫:৩০ বজাৰ পৰা ০৭:৩০ বজালৈ আৰু বিয়লি ০৩:০০ বজাৰ পৰা ০৪:০০ বজালৈ সময়। হাতী ছাফাৰীক গঁড়ৰ ওপৰত চকু ফুৰাবলৈ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। এই বিশাল জন্তুবোৰৰ ওপৰত বহিলে গঁড়বোৰৰ অতি ওচৰৰ পৰা দেখা যায় যিহেতু ইহঁতে হাতীক আক্ৰমণ কৰাৰ প্ৰৱণতা নাথাকে।
জীপ ছাফাৰী
এখন জীপত এটা সময়ত মাত্ৰ ৬ জনকহে থাকিব পাৰিব। জীপ ছাফাৰীৰ সময় ৰাতিপুৱা ০৭:০০ৰ পৰা ০৯:৩০ৰ পৰা দুপৰীয়া ০১:৩০ৰ পৰা ০৩:৩০ বজাৰ ভিতৰত। প্ৰাকৃতিক উদ্যানখনৰ বিশাল বিস্তৃতিৰ মাজেৰে গাড়ী চলাই নিশ্চিতভাৱে আপোনাক এক উত্থানশীল অনুভৱ দিব। বন্যপ্ৰাণী আৱিষ্কাৰ কৰাৰ ই এক অতি ৰোমাঞ্চকৰ উপায়, কিন্তু ইয়াৰ বাহিৰেও অলংকৃত অৰণ্য, ওখ হাতী ঘাঁহৰ অন্তহীন অংশ আৰু ঘন সেউজীয়াই বন্যপ্ৰাণীত সঁচাকৈয়ে এক মনোমোহা অভিজ্ঞতাৰ সৃষ্টি কৰে।
নাও ছাফাৰী
এইটো কথা বহুতে নাজানে; এই এঘণ্টাৰ নাও যাত্ৰা কেৱল আগোৰাটোলিৰ পূব মণ্ডলতহে সম্ভৱ। নাও ছাফাৰীৰ কোনো নিৰ্দিষ্ট সময় নাই – ই বিশুদ্ধভাৱে নিৰ্ভৰ কৰে নূন্যতম লোকৰ সংখ্যা আৰু দৃশ্যমানতাৰ ওপৰত। চৰাইৰ সাক্ষী হ’বলৈ এইখন নিশ্চিতভাৱে সৰ্বোত্তম ছাফাৰী। পৰিসীমাত বিভিন্ন জীৱ-জন্তুও দেখা পায়, তেওঁলোকৰ পিয়াহ নিবাৰণ কৰা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যাবলে যাতায়াত ব্যৱস্থা:
যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৯৭ কি.মি. দূৰত্বৰ ব্যৱধানত থকা নিকটতম বিমান বন্দৰ আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ ২৩৯ কি.মি. দূৰত্বত অৱস্থিত। দাঁতিকাষৰীয়া নগৰ আৰু চহৰৰ পৰা কহৰালৈ পথৰ দূৰত্ব এনেধৰণৰ- যোৰহাটৰ পৰা ৮৯ কি.মি, গোলাঘাটৰ পৰা ৭৩ কি.মি., নগাওঁৰ পৰা ৯৬ কি.মি., বোকাখাতৰ পৰা ২১ কি.মি. আৰু গুৱাহাটী চহৰৰ পৰা ২১৯ কি.মি. ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যোগাযোগ সম্পৰ্কীয় ঠিকনা:
যিকোনো সহায়ৰ বাবে: ক্ষেত্ৰ বিষয়া, কাজিৰঙা অঞ্চল, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৮, ক্ষেত্ৰ বিষয়া, পশ্চিম অঞ্চল, বাগুৰি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৮৩৪৬৩, ক্ষেত্ৰ বিষয়া, পূৰ্বাঞ্চল, আগৰাতলী, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬৮০৩২, ক্ষেত্ৰ বিষয়া, বুঁঢ়াপাহাৰ অঞ্চল, ঘোঁৰাকাটি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৭৯০১২
তথ্য সম্পৰ্কীয় ঠিকনাৰ বাবে: সঞ্চালক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডাক-বোকাখাট, জিলা-গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০৯৫ (ও), ২৬৮০৮৬ (বা) ফেক্স-২৬৮০৯৫, ইমেইল- unicornis@sancharnet.in, মহকুমা বন বিষয়া, পূব অসম বন্যজন্তু বিভাগ, ডাক-বোকাখাট, জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭ (ও) ২৬৮০৪১ (বা), এ চি এফ আৰু ডব্লিউ এল আৰ ও পূব অসম বন্য জন্তু বিভাগ, ডাক, বোকাখাট জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭