অসম বিধানসভা |
অসম বিধানসভা ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম বিধানসভাৰ সম্পূৰ্ণ কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি।
১৯৩৫ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ (Government of India Act 1935)গৃহীত হয়। এই অধিনিয়মৰ উপবন্ধ অনুসৰি ১৯৩৭ চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰনয়ন কৰা হয়।
অসম বিধানসভাৰ ঐতিহাসিক বিৱৰণ
১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে শ্বিলঙৰ বৈঠকত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনৰ দিনাই অসম বিধানসভাৰ আৰম্ভণি হয় | শ্বিলং হৈছে সংযুক্ত অসমৰ পূর্বকালীন ৰাজধানী|
ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত অসমৰ এক সোণালী ইতিহাস আছে | ভাৰতৰ জাতিগত সংগ্ৰহালয়ৰূপে জনাজাত, অসমক ইয়াৰ প্ৰাচুৰ্যময় সাংস্কৃতিক ঐতিহ্য আৰু বিচিত্র জাতি, ধৰ্ম আৰু বৰ্ণৰে সমৃদ্ধিশালী হোৱাৰ বাবে ক্ষুদ্ৰ ভাৰত বুলিও কোৱা হয়| ভাৰতীয় সংসদীয় আইন, ১৮৬১ৰ অধীনত অসমৰ নিজস্ব গণতান্ত্রিকতা নাছিল কিন্তু ১৯০৫ চনত পূব বেংগলৰ সৈতে চিহ্নিত কৰা হৈছিল আৰু ১৮ ডিচেম্বৰ, ১৯০৬ চনত কাৰ্যকৰী হোৱা সময়ত অসমক ‘পূব বেংগল আৰু অসমৰ বিধানসভা পৰিষদ’ বুলি কোৱা হৈছিল | ১৯০৯ চনত এই পৰিষদত ৪০ টা আসনত ৪০ গৰাকী সদস্য আছিল আৰু অসমক ৫ খন আসন দিয়া হৈছিল | ১৯১২ চনত মূখ্য অধ্যক্ষৰ প্রদেশৰূপে অসমৰ পূনৰ্গঠন কৰা হৈছিল | ভাৰত চৰকাৰৰ আইন, ১৯০৯ ৰ অধীনত ১৯১৩ চনত অসমক বিধান-পৰিষদৰূপে অনুমোদিত কৰা হয়; অসম বিধান-পৰিষদ ৩৪ গৰাকী সদস্যৰে সৈতে গঠন হয় য’ৰ ১৩ গৰাকী সদস্য মুখ্য অধ্যক্ষৰ দ্বাৰা আৰু ২১ গৰাকী সদস্য সাধাৰণ জনতাৰ দ্বাৰা নিৰ্বাচিত কৰা হয়| অসমৰ মূখ্য আয়ুক্ত চাৰ আৰ্চডেল ইজলৰ সভাপতিত্বত ৬ জানুৱাৰী, ১৯১৩ চনত শ্বিলঙত অসম বিধানসভা পৰিষদৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল| ভাৰত চৰকাৰৰ আইন, ১৯১৯ৰ অধীনত, ১ এপ্ৰিল, ১৯২১ চনত, ৪১ গৰাকী নিৰ্বাচিত সদস্য আৰু বাকী ১২ গৰাকী মনোনীত সদস্যেৰে বিধানসভা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৫৩ গৰাকীলৈ বৃদ্ধি কৰা হয়|
১৯৩৫ চনৰ ২ আগষ্ট, তাৰিখে বৃটিছ সংসদৰ দ্বাৰা ভাৰত চৰকাৰৰ আইন, ১৯৩৫ গ্ৰহণ কৰাৰ লগতে ১৯৩৫ চনত বাস্তবায়িত কৰা হয় | ভাৰত চৰকাৰৰ আইন, ১৯৩৫ত প্রত্যেকখন প্রদেশত বিধান-পৰিষদৰ ব্যবস্থা কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে অসমৰ বিধানমণ্ডল দ্বিপাক্ষিক হৈ পৰে | অসম বিধানসভা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ১০৮ আৰু এওঁলোক সকলো নিৰ্বাচিত সদস্য | বিধান-পৰিষদ (আপাৰ হাউচৰ) সদস্যৰ সংখ্যা ২১ জনত কৈ কম আৰু ২২ জনতকৈ বেছি নাছিল |
ভাৰত বিভাজনৰ পিছত, অসমৰ ছিলেট জিলা গণভোটৰ দ্বাৰা পূব পাকিস্তানলৈ স্থানান্তৰিত কৰা হয় আৰু বিধানসভাৰ সদস্যৰ সংখ্যা ৭১ জনলৈ হ্রাস হয় | আনকি স্বাধীনতাৰ পিছত সদস্যৰ সংখ্যা পুনৰ ১০৮ জনলৈ বৃদ্ধি হয় | ১৯৪৭ চনত অসম বিধান পৰিষদৰ বাতিলকৰণৰ লগে লগে দ্বিপাক্ষিক অসম বিধানসভা এক কক্ষবিশিষ্ট হৈ পৰে| পৰবৰ্ত্তী সময়ত অসম বিভিন্ন ক্ষুদ্ৰ ৰাজ্যত বিভাজন হয় | ১৯৬৩ চনত নাগালেণ্ডে ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে| সংসদৰ দ্বাৰা উত্তৰ-পূব (পুনৰ গঠিত অঞ্চল) আইন, ১৯৭১ সংগৃহীত কৰাৰ ফলত মেঘালয় এখনি সম্পূৰ্ণ ৰাজ্য হৈ পৰে | পৰবৰ্ত্তীকালত মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জন্ম হয়| মেঘালয়ৰ গঠনৰ পিছতো শ্বিলং যুটীয়াভাৱে অসম আৰু মেঘালয়ৰ ৰাজধানী হৈ থাকে| কিন্তু ১৯৭২ চনত অসমৰ ৰাজ্যপালৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজধানী দিছপুৰ, গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়| সেইমৰ্মে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম বৈঠক দিছপুৰৰ অস্থায়ী ৰাজধানীত ১৬ মাৰ্চ, ১৯৭৩ চনত অনুষ্ঠিত হয় |
পৰিবৰ্ত্তণশীল ভৌগোলিক সীমাৰ আৰু অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ লগতে, অসম বিধানসভাৰ সদস্যৰ সংখ্যাও বিগত পঞ্চাঁশ বছৰত বঢ়া-টুটা হৈ আছে | ১৯৫২-৫৭ চনত এই সংখ্যা আছিল ১০৮, ১৯৫৭-৬২ত ১০৫ (দ্বিতীয় সদন) আৰু ১৯৬৭-৭২ চনত ১১৪ (তৃতীয় সদন), ১৯৭২-৭৮ চনত ১২৬ আৰু এনেদৰে একাদশ সদনলৈকে এই সংখ্যা বাহাল হৈ আহিছে |
যদিও ১৭২ অনুচ্ছেদত ৰাজ্যিক বিধানসভাৰ পৰিসৰ ৫ বছৰ উল্লেখ আছে, কিন্তু ১৯৭৫ চনৰ ৰাষ্ট্রীয় জৰুৰীকালীন সময়ত, অসমৰ পঞ্চম বিধানসভা ৬ বছৰলৈকে বৰ্তি থাকে |
স্বৰ্গীয় বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ |