অসমৰ সংস্কৃতি

The culture of Assam

সংস্কৃতি

সহজ ভাষাত ক’বলৈ গ’লে, “সংস্কৃতি মানৱ সৃষ্ট সামাজিক আচৰণ। কোনো ভূখণ্ডৰ লোকাচাৰ, কৃষ্টি, সাজপাৰ, জনজীৱন আদিয়েই সেই ঠাইখনৰ সংস্কৃতি। সংস্কৃতি মানৱ জীৱনৰ অপৰিহাৰ্য অংগ। লীলা গগৈৰ ভাষাত “সংস্কৃতি হ’ল বোৱঁতী সুঁতি। নৈৰ গতিয়েই সংস্কৃতিৰ গতি। নৈয়ে যেনেকৈ নিৰৱচ্ছিন্ন গতিৰে বৈ থাকে, সংস্কৃতিও তেনেকৈয়ে ধাৰাবাহিক গতিৰে চলি থাকে। পৃথিৱীৰ প্ৰতিখন ঠাইতে ভিন্ন সংস্কৃতি গঢ়ি উঠিছে। সংস্কৃতি মানৱ সৃষ্ট বাবেই প্ৰতিখন ঠাইৰে জাতি জনগোষ্ঠীৰ লোককৃষ্টি অনুযায়ী সংস্কৃতিও ভিন্ন ধৰণে গঢ় লৈ উঠে।

অসমৰ সংস্কৃতি

অসম এখন বৈচিত্ৰ পূৰ্ণ সংস্কৃতিৰ মিলনভূমি। এই মনোমোহা ৰাজ্যখনৰ মানুহবোৰ বিশেষকৈ আৰ্য্য, মংগোলীয়,অষ্ট্ৰিক আৰু ব্ৰহ্ম দেশীয় থুলৰ লোক। সকলো জাতি- উপজাতি সন্মিলিত হৈ গঢ় দিছে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ। অসমৰ খিলঞ্জীয়া লোকসকলক অসমীয়া বুলি কোৱা হয় লগতে অসমৰ ৰাজ্যিক ভাষাও হৈছে অসমীয়া। অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহ আৰু তেওঁলোক প্ৰত্যেকৰে সংস্কৃতি, কলা কৃষ্টি, সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে।

বড়ো কছাৰি, কাৰ্বি, মিৰি, ৰাভা আদি বিভিন্ন জাতিৰ মানুহে অসমত বসবাস কৰে। বেছিভাগ জনজাতিৰ নিজস্ব ভাষা আছে যদিও অসমীয়াই হৈছে অসমত প্ৰচলিত মুখ্য ভাষা।অধিকাংশ অসমীয়া মানুহেই বৈষ্ণৱ পন্থাত বিশ্বাসী(হিন্দুৰ এটা সম্প্ৰদায়)।বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ মূৰ্তি পূজা নকৰি নাম কীৰ্ত্তন কৰে, যʼত ভগৱান বিষ্ণুৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। অসমৰ সাংস্কৃতিক বিন্যাস গঠনত প্ৰভাৱ বিস্তাৰ কৰা, দুই সাংস্কৃতিক আৰু ধৰ্মীয় সন্থাৰ প্ৰথমটো হৈছে ধৰ্মীয় মহিমাৰে মহিমাম্বিত তথা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰস্থল ৪০০ বছৰ পুৰণি “সত্ৰ”সমূহ, আৰু দ্বিতীয়তে হʼল নামঘৰ, ঈশ্বৰক স্মৰণ-কীর্ত্তণ আৰু উপাসনা কৰা ধৰ্মীয় প্ৰতিষ্ঠান। গাওঁৰ লোকসকল সাধাৰণতে স্থানীয় ভক্তপ্ৰাণ ৰাইজে ইশ্বৰৰ গুণ-গৰিমা গাবলৈ নামঘৰৰ সদস্য হিচাপে জড়িত হৈ থাকে। গাওঁসমূহ প্ৰায়ে বিভিন্ন জাতিৰ পৰিয়ালৰে গঠিত।

অসমত, জাতিভেদ প্ৰথা, যদিওবা আছে, ই ভাৰতৰ আন ঠাইৰ দৰে চকুত লগা ধৰণৰ বা প্ৰমুখ নহয়। আন ধৰ্ম যেনে বৌদ্ধ, খৃষ্টীয়ান, হিন্দু, ইচলাম ইত্যাদি ধৰ্মও অসমত প্ৰচলিত।বছৰত তিনিবাৰকৈ বহু আনন্দ-উৎসাহেৰে জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পালন কৰা বিহু হʼল অসমৰ ৰাজ্যিক উৎসৱ। অসমীয়াৰ বিশ্বাস, অনুভৱ, গৌৰৱ, পৰিচয় ইত্যাদিৰ বাবে ব্যৱহৃত অসমীয়া সংস্কৃতিৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰতীকাত্মক উপাদান আছে। এই সৰ্ব স্বীকৃত প্ৰতীক সমূহ হʼল, অসমীয়া “গামোচা”, “জাপি”, “তামোল-পান”, “শৰাই” আদি। অসমৰ মহিলাসকলে পৰিধান কৰা পাৰম্পৰিক সাজ-পোছাক হʼল “মেখেলা চাদৰ” আৰু অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ হʼল “অসমীয়া গহনা”।

ভাৰতবৰ্ষৰো উত্তৰ-পূৱ প্ৰান্তত বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠী মিলি সন্মিলিত ভাবে বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। সেয়েহে চাগে সংগীত সম্ৰাট সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱে কৈছিল-

“নানা জাতি, উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি হৈছিল সৃষ্টি এই মোৰ অসম দেশ…”।

Leave a Reply