অখণ্ড সংখ্যা কাকে বলে – ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা


অখণ্ড সংখ্যা

অখণ্ড সংখ্যা
সকলো পূৰ্ণ সংখ্যা  আৰু সিহঁতৰ ঋণাত্মক সংখ্যাবিলাক মিলি গঠিত হোৱা অখণ্ড সংখ্যাবৰ এটা বৃহৎ সংখ্যাৰ সমষ্টি ।
*অখণ্ড সংখ্যা যোগ আৰু বিয়োগ উভয়তে আবদ্ধ , অৰ্থাৎ যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে a+b আৰু a – b উভয়েই  অখণ্ড   সংখ্যা ।
*অখণ্ড সংখ্যাই যোগাৰ ক্ৰম বিনিময় বিধি মানি চলে ; অৰ্থাৎ যিকোনো দুটা অখণ্ড সংখ্যা  a আৰু b ৰ বাবে  a + b = b + a ।
*অখণ্ড সংখ্যাই যোগৰ সহযোগ বিধি মানি চলে ; অৰ্থাৎ যিকোনো অখণ্ড সংখ্যা  a,b আৰু c ৰ বাবে (a+b) + c = a+(b+c)  ।
*অখণ্ড সংখ্যা 0, যোগ সাপেক্ষে অভেদ অৰ্থাৎ প্ৰতিটোত অখণ্ড সংখ্যা a ৰ বাবে , a + 0 = a = 0 + a ।
* এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পুৰণফল এটা ঋণাত্মক অখণ্ড সংখ্যা  আৰু আনহাতে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পুৰণফল এটা ধনাত্মক অখণ্ড সংখ্যা ।
 উদাহৰণ স্বৰূপে – 3 × 7 = – 21 আৰু – 6 × -8 =  48
যুগ্ম সংখ্যা  ধণাত্মক অখণ্ড সংখ্যাৰ পুৰণফল ধনাত্মক , আনহাতে অযুগ্ম সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ ফল ধনাত্মক হয় ।
* অখণ্ড সংখ্যাই পূৰণৰ সহযোগ বিধি মানি চলে , অৰ্থাৎ যিকোনো অখণ্ড সংখ্যা a, b, c ৰ বাবে  ( a × b ) × c  = a × ( b × c ) 

* যোগ আৰু পূৰণত অখণ্ড সংখ্যাই এটা বিধি মানি চলে যাক বিতৰণ বিধি বুলি কোৱা হয় ; অৰ্থাৎ a , b , c যিকোনো অখণ্ড সংখ্যৰ বাবে  :
a ( b+ c)  = a × b + a × C
যোগ আৰু পূৰণৰ ক্ষেত্ৰত থকা ক্ৰম বিনিময় আৰু সহযোগ বিধি আৰু বিতৰণ বিধিয়ে আমাক গণনাৰ কাম সহজ কৰাত সহায় কৰে ।

Leave a Reply