তলাতল ঘৰ অসমৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্ৰীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।
শেহতীয়া প্ৰত্নতাত্বিক খনন কাৰ্য্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে। কাঠৰ স্তম্ভৰ অৱশেষ আৰু গাঁতৰ চিহ্নই এই পকী ৰাজপ্ৰসাদৰ স্থানত পূৰ্বতে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা ৰাজকীয় আবাস আছিল বুলি প্ৰমাণ কৰে।
স্থাপত্য আৰু ভাস্কৰ্য্য :-
তলাতল ঘৰৰ তিনিটা মহল মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত আছে ।সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা । সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ পাকে সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ পাকে বাওঁ দুৱাৰেদি তলৰ তিনিতলালৈ নমা যায় । তলাতল ঘৰৰ দুটা গোপন সুৰংগ আছিল । তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ৩ কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।
অতি বিশাল এই তলাতল ঘৰৰ তলৰ মহলা কেইটাত ঘোঁৰাশাল, গুডামঘৰ, পূজাঘৰ, লিগিৰিঘৰ আদি আছিল । তদুপৰি বৰ চৰাঘৰ, দেউ ঘৰ, ৰজা আৰু ৰাণী সকলৰ শোৱনী কোঠা, পানীঘৰ, বেজৰ ঘৰ, মৰংঘৰ, বৰঘৰ আদি বিভিন্ন কোঠালী আছিল । ৰংপুৰ নগৰৰ প্ৰায় তিনি কিলোমিটাৰমান পৰিসীমাৰ এটা গড়ে তলাতল ঘৰটো ঘেৰি আছিল । এই ৰাজপ্ৰসাদলৈ সোমাই যোৱাৰ পথত ন-দুৱাৰ, বৰদুৱাৰ, পানী দুৱাৰ, লিগিৰী দুৱাৰ, নাচনী দুৱাৰ, গোঁসাইফলীয়া দুৱাৰ, কমলাবৰীয়া দুৱাৰ, দ্বৰীকা দুৱাৰ আদি বিভিন্ন দুৱাৰ আছিল ।
তলাতল ঘৰৰ চাৰিটা মহল কাঠেৰে নিৰ্মিত আছিল যিবোৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । শেহতীয়াকৈ প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা কাঠৰ স্তম্ভ, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষ, স্তম্ভৰ গাতৰ চিহ্ন, উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে ।
বৰ্তমান দৰ্শনাৰ্থীয়ে মাটিৰ ওপৰৰ দুটা মহলৰ লগতে আৰু তৃতীয় আৰু চতুৰ্থ মহলৰ বাকী ৰোৱা অংশ চাব পাৰে। মাটিৰ তলৰ মহলাকেইটা বন্ধ কৰি দিয়া হৈছে আৰু প্ৰসাদটোৰ কাঠেৰে নিৰ্মিত গঠনো ধ্বংস হৈছে। তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। প্ৰসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা ‘খাৰ ঘ’ৰ এটা আছে।
১৭০২-০৩ চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰে। প্ৰায় এক শতিকা ধৰি ৰংপুৰ ৰাজধানী হিচাপে আছিল। এই ঠাইখন শিৱসাগৰ চহৰৰ পশ্চিম অংশত অৱস্থিত। এই ৰাজমহলটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত সাজি উলিয়াইছিল। ৰংপুৰ আহোম ৰাজ্যৰ ৰাজধানীৰ উপৰিও কেন্দ্ৰীয় সৈনিক বাহৰ আছিল।
স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।
লগতে চাওক –
তথ্যসূত্ৰ
- Barpujari, H.K., The Comprehensive History of Assam, Vol-III, Publication Board, Assam.
- Nath, Hemanta Kumar (2005), Arowan, Rangpur Utsav Celebration Committee, Sibsagar
- Gogoi, Prem (1999-2000), Boranjiya Parasa Rangpur, Rangpur Tinisah Basar Otjapan Samiti, Sibsagar
- Archaeological Survey Report (1902-3), Archaeological Survey Report, Government of India, Bengal Circle