1,2,3,4,5,6,7,………….. আদি সংখ্যা বোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ।
( বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা পোৱা নাযায় )
* শূণ্য (0) এটা স্বাভাৱিক সংখ্যা নহয় । ই এটা পূৰ্ণ সংখ্যা ।
* যদি আমি দুটা বা তিনিটা স্বাভাৱিক সংখ্যা যোগ কৰে তেনেহলে যোগ ফলতো এটা স্বাভাৱিক সংখ্যাই পাম ।
উদাহৰণস্বৰূপে : 2+7+6 = 15
এই ধৰ্মটো যোগ সাপেক্ষে স্বাভাৱিক সংখ্যাত আৱদ্ধ ধৰ্ম বুলি কোৱা হয় ।
স্বাভাৱিক সংখ্যা বোৰ যোগ সাপেক্ষে ক্ৰমবিনিময় ।
উদাহৰণস্বৰূপে : 3+5 = 8
5+3 = 8
.°. 3+5 = 5+3
এই ধৰ্মটোক যোগ সাপেক্ষে স্বাভাৱিক সংখ্যাৰ ক্ৰমবিনিময় ধৰ্ম বুলি কোৱা হয় ।
স্বাভাৱিক সংখ্যাই যোগৰ সহযোগী ধৰ্ম মানি চলে ।
স্বাভাৱিক সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আৱদ্ধ নহয়।
এটা স্বাভাৱিক সংখ্যাৰ পৰা আন এটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে , বিয়োগ ফল স্বাভাৱিক নহবও পাৰে ।
উদাহৰণস্বৰূপে 9 – 5 = 4 স্বাভাৱিক সংখ্যা হয়।
5 – 9= -4 স্বাভাৱিক সংখ্যা নহয়।
স্বাভাৱিক সংখ্যাবোৰে বিয়োগ সাপেক্ষে ক্ৰমবিনিময় আৰু সহযোগী ধৰ্ম মানি নচলে ।
স্বাভাৱিক সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ ক্ৰমবিনিময় আৰু সহযোগী এই তিনিটা ধৰ্ম মানি চলে ।
যিকোনো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ইহঁতৰ পূৰণফল সদায় এটা স্বাভাৱিক সংখ্যা ।
* 1 এনেকুৱা এটা স্বাভাৱিক সংখ্যা যে ইয়াক যিকোনো স্বাভাৱিক সংখ্যৰ লগত পূৰণ কৰিলে সেই স্বাভাৱিক সংখ্যাটোকেই পোৱা যায় ।
স্বাভাৱিক সংখ্যাৰ এই ধৰ্মটোক পূৰণ সাপেক্ষে অভেদ ধৰ্ম বুলি কোৱা হয় । আৰু 1 ক গুণত্মক অভেদ বোলা হয় ।
Sir,,
I have need your support