এটুপি চকুলাে মােৰ যে কেৱল
সেয়ে মােৰ তাজমহল-
প্রণয়েৰে ভৰা, বেদনাৰে গঁথা।
শানত চিৰ উজ্জ্বল
বিৰহ নৈৰে পাৰতে
প্ৰেমশালিৰে বুকুতে
গঢ়িলোঁ যতনে চকুপানী সানি
স্নিগ্ধ স্মৃতিৰ দেউল।
বাদছাহৰ যে এজনীহে তাজ
মােৰ যে প্রিয়াত শত মমতাজ
আছিল যে তাই ফুল পাৰিজাত
হৃদয়ৰ শতদল।
কবি যদি হয় চাহ-চাজাহান
ময়াে যে কবি দীন সু-মহান
শিলৰ কবিতা নহয় মােৰ দান
এটুপি লােহে কেৱল
সেয়ে মােৰ তাজমহল।