এতিয়াৰ পৰা ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ নহলে ৰাজ্য চৰকাৰে দিব নোৱাৰিব লকডাউন । আজি সংবাদমেল যোগে মাননীয় স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা উল্লেখ কৰে ।
লগতে কয় যে যদিহে আপুনি মাস্ক পৰিধান নকৰা কৈ বাহিৰলৈ যায় তেনেহলে প্ৰশাসনে লব পাৰে ৫০০ টকাৰ জৰিমনা । যদি হে আপুনি নিজৰ গাড়ীত অকলে গৈছে তেতিয়া আপুনি মাস্ক পৰিধান নকৰিলেও হব ।
প্ৰশাসনে আপোনাৰ পৰা জৰিমনা লব নোৱাৰে যদিহে আপুনি গাড়ী খনত অকলে থাকে ।
কিন্তু ৰাজ্য চৰকাৰে এটা নীতি-নিয়ম ধৰি দিছে যে মন্দিৰ , মসজিদ , গীৰ্জা দোকান – পাহাৰ সামাজিক স্থানত যদি আপোনালোক ওলাই যায় তেতিয়া হলে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ।
যদিহে এনেকুৱা স্থানত মাস্ক পৰিধান নকৰে তেতিয়া হলে ৫০০ টকাৰ জৰিমনা ভৰিব পাৰে ।
ইয়াৰ পূৰ্বৰ জৰিমনা ১০০০ টকা আছিলে যদিও এতিয়া ৫০০ টকালৈ কমাই দিয়া হৈছে ।