মাৰুটি ছুজুকিৰ বিক্ৰী এপ্ৰিল- জুন মাহত ৮১শতাংশ হ্ৰাস পাইছে । বিগত বৰ্ষটোৰ এই সময়ছোৱাত ৪০২,৬০০ ইউনিত বিক্ৰী হোৱাৰ বিপৰীতে চলিত বৰ্ষত বিক্ৰী হৈছে মাত্ৰ ৭৬৫৯৯ ইউনিত ।
ইয়াৰ বাবে বৰ্ষটোৰ এপ্ৰিল-জুন ২৬৮.৩কোটি টকা লোকচান হৈছে কোম্পানীটোৰ । মহামাৰী ক’ভিড-১৯ৰ বাবে বলৱৎ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিততে কোম্পানীটোৰ এই লোকচানৰ সন্মুখীন হ’বলৈ গৈছে । আনহাতে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষটোত কোম্পানীটোৰ ৰাজহ ৭৮.৬৮ শতাংশ হ্ৰাস পাইছে । অৰ্থাৎ বিগত বৰ্ষত ১৯,২৭৩.২ কোটি টকা ৰাজহ সংগ্ৰহৰ বিপৰীতে এই বৰ্ষটোত এতিয়ালৈকৈ সংগ্ৰহ হৈছে মাত্ৰ ৪১১০.৬কোটি টকা । উল্লেখ্য যে কোম্পানীটোৰ ৰপ্তানিও ৬৬শতাংশ হ্ৰাস পাইছে ।