মুখা মুখা
কিয় পিন্ধা এই মুখা
ঘনে ঘনে
তুমি ৰূপ সলোৱা
কোনােবা যে তােমাৰ বাবে ৰৈ থকা
তুমি চাগে’ কাহানি নেদেখা
মুখেৰে আঁৰতে কত খেলা
মুখেৰে আঁৰতে কত লীলা
মুখেৰে আঁৰতে কত মিছা
মুখাৰে আঁৰত জিয়াবা কিমান
বুকুৱে বুকুকে ভাঙে
হিয়ায়ে জিয়াকে বেচি দিয়ে
মগজুৰে চুকে কোণে
কিনো বিলাই ফুৰে পােকবােৰে
মুখাৰে আঁৰত কোনেবা কলা ৷৷