★যােগাত্মক দৃষ্টিভংগী গঠন কৰিব লাগে।
★যােগাত্মক আত্মসন্মান গঢ়ি তুলিব লাগে।
★প্রফুল্লিত ব্যক্তিত্ব গঠন কৰিব লাগে।
★যােগাত্মক স্বভাৱ আৰু চৰিত্ৰ গঠন
কৰিব লাগে।
★ নিজে নিজক আৰু আনকো অনুপ্রাণিত
কৰিব লাগে।
★ নিজৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত
উপনীত হ’বলৈ পৰিকল্পিত ভাৱে
সঠিক কৌশল অৱলম্বন কৰিব লাগিব।
★ঋণাত্মক প্রভাৱৰ পৰা আঁতৰি থাকিব লাগে।
★ কৃতজ্ঞতা প্রকাশ কৰাৰ মনোবৃত্তি
গঢ়িব লাগিব।
★ উদ্দেশ্য এটাত উপনীত হব লৈ প্রবল ইচ্ছাশক্তি
গঢ়ি তুলিব লাগিব।
★আনৰ লগত ব্যৱহাৰত সৎ, সত্যবাদী আৰু
ভাল হ’ব লাগে।
★আমাৰ সময় নাই বুলি কেতিয়াও অজুহাত
দেখুৱাব নালাগে।
★ সৰু সৰু কথাত লাগি থাকিব নালাগে।
★ নিয়মীয়া উন্নতিৰ বাবে অহৰহভাবে লক্ষ্য
থিৰ কৰি কাম কৰি যাব লাগে।
★নিজৰ সমস্যা আৰু অসুবিধাবােৰৰ বিষয়ে
আনক জনাব নালাগে।
★ ভদ্ৰতা আৰু শিষ্টাচাৰ পালন কৰিব লাগে।
★স্বাৱলম্বী হৈ নিজৰ সিদ্ধান্ত নিজে ল’ব লাগে।
★ আনক প্রশংসা কৰিবলৈ শিকিব লাগে।
★জীৱনত যিমানেই উন্নতি হয় সিমানেই বিনম্র হ’ব লাগে।
★ আদর্শবাদী আৰু নিখুত হােৱাৰ নামত অযথা
মানসিক চাপ ল’ব নালাগে।
★বুজাপৰা আৰু আপােচ কৰিবলৈ শিকিব লাগে।
★জীৱনৰ দুৰ্ভাগ্য আৰু কঠিন মুহূর্ততো উন্নতি
কৰিবলৈ চেষ্টা কৰিব লাগে।
★ আনক সলনি কৰিবলৈ চেষ্টা কৰিব নালাগে।
★জীৱনত যি পোৱা যায় তাকে আনন্দমনেৰে
গ্রহণ কৰিবলৈ শিকিব লাগে।
★পক্ষপাতিত্ব আৰু ভ্রান্ত ধাৰণাৰ পৰা মুক্ত থাকিব লাগে।
★ অসহায়, দুৰ্ব্বল আৰু নিথৰুৱা মানুহক শােষণ
কৰিব নালাগে।
★ আনক অনুকৰণ আৰু অনুসৰণ কৰিব নালাগে।
এনেকুৱা ধৰণৰ কৌশলবোৰ প্ৰয়োগ কৰিব পাৰিলে নিশ্চয় জীৱনত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব ।