মুগ্ধ হিয়া মােৰ কোনে চুই যায়
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথাে ছাই
এটি এটি পল আজি সুঁৱৰি
হহা-কন্দা খেলা সু ফাগুনী
আঙুলি মাজেৰে পৰে সৰি সৰি
সুখৰে মুকুতা হৈ যে ধূলি
বুকুতেযে জুই বিয়পাই
তেজ মঙহৰে…।
ৰিণি ৰিণি ৰিণি শুনাে ৰিণি ৰিণি
কপি কঁপি শুনাে সেই ধ্বনি
আকাশ বাউলী থমকি ধৰণী
চকুলােৰে কৰাে দিন শুৱনি
বুকুতেযে জুই বিয়পাই
তেজ মঙহৰে…||