অসমীয়া অব্যয়ৰ যােগতাে নানা শব্দ গঠন কৰা হয়। তলত কিছুমান অসমীয়া উপসর্গ উদাহৰণ দিয়া হ’ল :
অঃ (বিসদৃশ, বিপৰীত আদি অর্থ) : অনামা, অনামী, অচিনাকি, অহিংসা, অসুখ, অহিচাবী, অজান, অজানা, অসুৰ, অপৈণত, অগুণ, অকাজ, অসাৰ ইত্যাদি। এইবােৰ সমাস নিষ্পন্ন পদ। ইয়াত ঞাৰ্থক “অ” যোগ হৈছে।
আ : (সংস্কৃত আ’ উপসর্গৰ সমার্থক) : আকাল, আমনি, আমৰণ, আহৰণ, আশকতি, আকাজী (একাজী) ইত্যাদি।
আও: (সংস্কৃত অপ আৰু অব উপসৰ্গৰ সমার্থক) : আওহেল, আওকাণ, আওকাঠ, আওবাৰ, আওপুৰণি, আওমৰণ ইত্যাদি।
আও : অনাতাঁৰ, অনাভুরা, অনাজৰী, (এনাজৰী), অনাগত, অনাহাৰ, অনাবৃষ্টি আদি।
উ : (সংস্কৃত উৎ উপসৰ্গৰপৰা বিকৃত হৈ) ঃ উছৱ, উছৰ্গা, উছাহ, উলাহ, উলংগা, উলংগ, উল্লাহ, উজান, উলহ-মালহ আদি।
নি : ( সংস্কৃত নি আৰু নিৰ্ উপসৰ্গৰ অৰ্থত ) নিৰহ , নিপানী , নিচেই,নিজান ,নিমাত নিতাল, নিলগ , নিগজি, নিখুঁত , নিচিনা , নিছলা , নিমাখিত , নিবাৰণ ইত্যাদি ।
সু : ( সংস্কৃত সু আৰু সুৰ উপসৰ্গৰ অৰ্থত ) – সু-খবৰ , সু-বাতৰি ।