‘সুৰৰে দেউলৰে
ৰূপৰে শিকলি।
ভাঙি দিলি খুলি।
দুৱাৰ সােণােৱালি
পূজাৰী অ’ |
সুন্দৰ পূজাৰী।’
জাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গােৱা অসমীয়া
প্রাণ মন ভৰি !
“— পূজাৰী অ’
সুন্দৰ পূজাৰী।”
তােৰে পৰশতে
প্রাণৰে হৰিষে।
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মূৰতি
উঠি ভাহি ফুৰে উৰি
“পূজাৰী অ’
সুন্দৰ পূজাৰী।”
“থাপনা থাপিলি
প্রতিমা বহালি।
পূজাও কৰিলি।
সুৰৰে মূৰতি গঢ়ি
পূজাৰী অ’ –
সুন্দৰ পূজাৰী।”
শংখ বজোৱা।
বৰাকাহ বজোৱা।
আৰতি লগােৱা।
বন্তি জ্বলােৱা
অতি উলাহেৰে
আদৰি।।
“পূজাৰী অ’
সুন্দৰ পূজাৰী ।”