কোনোবাই ৰিঙিয়াই – চকুলো চকুতে শুকাই

Zubingarg

কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই  ।
ৰাতি ৰাতি লওঁ সাৱটি
মোদিৰাৰে মৌ বুকু ভৰি
খোজে খোজে যেন পুৱতি
চুব খুজোঁতেই হয় দুৰণি
সপোনৰে ঢৌ দুচকুত বয়
তুমি আছাঁ উটি ভাঁহি ফুৰি
বেদনাৰ নৈ বুকুত লৈ
মই আছোঁ তোমাক সুঁৱৰি
নিজৰেই এন্ধাৰত আছোহি যে উমলি
কোনোবাই ৰিঙিয়াই ।

জ্বলি জ্বলি গলি যোৱা আৰু কতদিন চাবা তুমি
বুকু বিদাৰি ছিঙি মোহাৰি আৰু কত খেল খেলা তুমি
প্ৰেৰণাৰ শেষ বুকুতে লৈ
আছো মাথোঁ বাকী মোৰ  অৱশেষ
চকু মেলিলেই চাব খুজিলেই
পাওঁ মাথোঁ একে অন্ধ আৱেশ
সপোনৰ ছলনা দিঠিক হয় কোৱালী
কোনোবাই ৰিঙিয়াই ।।

Leave a Reply