ভিটামিন কাকে বলে :
ভিটামিন : খাদ্যপ্ৰাণ হ’ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প’লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংক এ সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক ‘ভিটামিন’ বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়। যেনে – ভিটামিন A,C,D,E,K আৰু B কমপ্লেক্স। ভিটামিন বা খাদ্যপ্ৰাণ হ’ল একপ্ৰকাৰৰ জটিল জৈৱ যৌগ যি পৰিমাণত অলপ হ’লেও প্ৰাণীদেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্ৰাণীদেহে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হয় ।
- জীৱদেহৰ স্বাভাৱিক পুষ্টি,বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন-প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য।
- বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ’ল উদ্ভিদ; অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয়।
- খাদ্যত ভিটামিন অতি অলপ পৰিমাণে থাকিলেও ই কোষৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে।
- ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে।
- খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয়।
- বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয়।
ভিটামিনৰ অভাৱত ছয় প্ৰকাৰৰ ৰোগ হব পাৰে :
১/ ভিটামিন A ৰ ফলত কুকুৰীকণা ।
২/ ভিটামিন B ৰ ফলত বেৰী – বেৰী।
৩/ ভিটামিন C ৰ ফলত স্কাৰ্ভি ।
৪ / ভিটামিন D ৰ ফলত ৰিক্ৰেট্ৰস।
৫/ ভিটামিন E ৰ ফলত নপুংসকতা ।
৬/ ভিটামিন K ৰ ফলত তেজ নোহোৱা ।