লক্ষ্মীনাথ বেজবৰুৱা
জন্ম 1864
মৃত্যু 1938
ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত 1864 চনৰ কোনো এক লক্ষ্মী পুৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় । তেওঁৰ পিতৃ – মাতৃ আছিল দিননাথ বেজবৰুৱাৰ আৰু থানেশ্বৰ দেৱী । দিননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত কাম কৰিছিল । তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ শিতাপত অধিষ্ঠিত হৈছিল । ধনে-মানে দিননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল । মাতৃ খানেশ্বৰী দেৱী বৈষ্ণৱ সাহিত্যিক অনন্ত কন্দলিৰ বংশৰ আছিল ।
লক্ষ্মীনাথে শৈশৱ, কৈশোৰ , যৌৱন অসমৰ বিভিন্ন ঠাইত কটাব লগা হৈছিল । শৈশৱৰ পানী কেঁচুৱা কাল ছোৱা বৈষ্ণৱ পীঠস্থান বৰপেটাৰ সন্ত-মহন্ত সকলৰ গীত পদেৰে মুখৰিত হৈ থকা পৰিৱেশৰ মাজত যাপন কৰিলে ; তাৰ পিছত বন -নগৰী শোণিতপুৰত লৰি-ঢাপৰি ফুৰিলে ।
লক্ষ্মীনাথে বিদ্যা আৰম্ভ কৰে মাধৱদেৱৰ পৱিত্ৰ স্মৃতিৰে সুশোভিত উত্তৰ লখিমপুৰত । পিছলৈ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায় । কলিকতা বিশ্ববিদ্যালয়ত এম এ আৰু আইনত নামভৰ্তি কৰে যদি ও তাত কৃতকাৰ্য হব নোৱাৰে শিক্ষাৰ
জীৱন অন্ত পেলায় আৰু অসম বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ ব্যৱসায়ত মনোনিৱেশ কৰে আৰু জীৱনৰ শেষলৈকে নিষ্ঠাৰে কাঠৰ ব্যৱসায় পৰিচালনা কৰি যায় । কথাৰ ব্যৱসায়ত প্ৰবলতাৰে কুঠাৰ চলাৰ লগে লগে তেওঁ কলম ও চলাবলৈ ধৰিলে ।
লক্ষ্মীনাথ বেজবৰুৱা গল্প , কবিতা , প্ৰবন্ধ , নাটক , উপন্যাস , ৰম্য ৰচনা , সমালোচনা , জীৱনী আদি বিভিন্ন দিশত অতুলনীয় বৰঙণি আগবঢ়াই থৈ গৈছে । তেওঁ কেৱল প্ৰথম অসমীয়া চুটি গল্প লিখক এ নহয় , তেওঁ সৰ্বশ্ৰেষ্ঠ অসমীয়া হাস্যৰহিক আৰু অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰ ও সৰ্ব প্ৰথম বিজ্ঞানিক পদ্ধতিত কৰা সমালোচক । তেওঁ সৰ্ব প্ৰথম অসমীয়া কার্টুনিষ্ট এগৰাকী প্ৰবীণ সাংবাদিক ,খনিকৰ , উচ্চ প্ৰতিভাশালী চিত্ৰকৰ আৰু ভাষাবিদ । অসমীয়াৰ উপৰিও ইংৰাজী, বঙালী , হিন্দী ভাষাৰ ওপৰত ও নিৰ্দেশন আৰু তেওঁৰ ৰচনাৱালী আছিল ।
কলিকতাৰ পৰা 1889 চনত প্ৰকাশ পোৱা ‘জোনাকী’ কাকতৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা । এই কাকত খনেই অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ঢোল
নমাইছিল ।
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা সমূহ হল –
কবিতা পুথি – কদমকলি , ‘কবিতা হয় যদিও হওক , নহয় যদি নহওক ‘ , ধাৰণাৰে ৰচিত লক্ষ্মীনাথৰ কবিতা সমূহৰ একমাত্ৰ সংকলন ।
গল্প পুথি – সুৰভি , জোনবিৰি , কেহোকলি আৰু সাধু কথাৰ কুকি ।
সাধু কথা – বুঢ়ী আইৰ সাধু , ককা দেউতা আৰু নাতি লৰা , জুনুকা ।
বুৰঞ্জী মূলক নাট – জয়মতী , চক্ৰধ্বজ সিংহ , বেলিমাৰ ।
প্ৰহসন – লিটিকাই , নোমল , পাচনি , চিকৰপতি-নিকৰপতি ।
উপন্যাস- পদুমকুঁৱাৰি ।
কৃপাবৰী ৰচনা – কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ উভতনি , বৰবৰুৱাৰ বুলনি ,বৰবৰুৱাৰ ভাবৰ বুৰবোৰণী আদি ।
জীৱনী – ডাঙৰীয়া দিননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱন চৰিত , শংকৰদেৱ , মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱ আদি ।
আত্মজীৱনী – মোৰ জীৱন সোঁৱৰণ ।
তত্ব মূলক গ্ৰন্থ – তত্ব কথা , শ্ৰী কৃষ্ণ কথা আদি ।
অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা এই গৰাকী বিশিষ্ট সাহিত্যিক 1924 চনত অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত অধিৱেশনৰ সভাপতি হৈছিল । ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনৰ 26 মাৰ্চত দেহাৱসান হয় ।