বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী | বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

বিষ্ণুপ্ৰসাদ ৰাভাৰ সংক্ষিপ্ত ৰূপত জীৱনী

জীৱনী বিষ্ণুপ্ৰসাদ ৰাভা
জন্ম : ১৯০৯ চনৰ ৩১ জানুৱাৰী
মৃৃত্যু : ১৯৬৯ চনৰ  ২০ জুন

 

মধ্যযুগীয়া অসমত স্বৰ্ণযুগৰ প্ৰতিস্থাতা মহা পুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পৰিৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ  ভাৱে প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক ঐশ্বৰ্যমণ্ডিত কৰিছে সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল অন্যতম ।
কৃষ্টি-সংস্কৃতিৰ সৈতে মানুহৰ সম্পূৰ্ণ  নিগুৰ সকলো প্ৰকাৰৰ শোষণ-নিপীড়ণৰ উচ্ছেদ সাধনৰ হকে শিল্পী সাহিত্যৰ সৰ্বাধিক । বিষ্ণু ৰাভাই তেওঁৰ কৃষ্টি আৰু কৰ্মৰ মাজেদি বস্তনিষ্ঠ ভাবে বিশ্লেষণ কৰি নিজকে ন অসমৰ নৱ জাগৰণৰ এজন সৃষ্টিশালি খনিকৰ ৰূপত প্ৰতিষ্ঠা কৰি গৈছে ।   এইগৰাকী বৰ্ণাঢ্য জীৱন প্ৰবাহৰ অধিকাৰী বিষ্ণুপ্ৰসাদে বঙ্গৰ ৰাজধানী , পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতি তথা বাণিজ্যিক কেন্দ্ৰ স্বৰূপ ঢাকা মহানগৰীৰ সেনাৰ ছাউনিত ১৯০৯ চনৰ ৩১ জানুৱাৰী বৃহস্প্ৰতিবাৰে জন্ম গ্ৰহন কৰিছিল । তেওঁৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথীবালা ৰাভা ।
বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ প্ৰথম শিক্ষা ঢাকাৰ  ছোৱালী প্ৰাইমেৰী স্কুলত ইংৰাজী মাধ্যমত আৰম্ভ কৰিছিল  । কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিশু বিষ্ণুৱে মন বহুৱাব নোৱাৰিলে । সেই তেওঁক স্থানীয় বঙালী মাধ্যমৰ বিদ্যালয়ত দেউতাকে নাম লগাই দিলে । কিন্তু ১৯১৫ চনত বিষ্ণুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাসৰ পদোন্নতি হৈ O B I aide camp, governor of bengol- হল ।  দেউতাকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি  জন্মভূমি , মাতৃ ভূমি তেজপুৰত থাকিবলৈ মনস্থ কৰিলে । সেইমৰ্মে  বৃটিছ চৰকাৰে তেজপুৰত নিকটৱৰ্তী গৰৈমাৰিৰ কোলাপৰাত ৫০০বিঘা আৰু নিলগৰ  গোটলং অঞ্চলত ২,০০০ বিঘা মাটিৰ মালিকীস্বত্ব গোপাল দাসক প্ৰদান কৰে  ।  শৈশৱৰ  ক্ৰীড়াভূমি তেজপুৰখন গোপাল দাসৰ বাবে আছিল অতি মৰমৰ । চাকৰি জীৱনৰ ব্যস্ততাত দেশৰ অৰঙে-দৰঙে ঘূৰি ফুৰিলেও তেজপুৰলৈ তেওঁৰ আকৰ্ষণ আছিল । তেজপুৰৰ নানান ৰাজহুৱা কাম – কাজৰ  লগত  তেওঁ গভীৰ , সক্ৰিয় ভাবে জড়িত আছিল ।
জন্মভূমিৰ প্ৰতি গভীৰ আসক্তি থকা গোপাল দাসে জীৱনৰ ভাটী বয়সৰ বাকী দিন কেইটা জনমভূমিতে কটোৱাৰ যি আশা বুকুত পুহি ৰাখিছিল তেওঁৰ সেই আশা , আশা হৈয়ে থাকিল । ১৯১৭চনত হঠাৎ এদিন অসুস্থ হৈ তেওঁৰ চিৰ নিদ্ৰাত পৰিল । তেতিয়া বিষ্ণু আছিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ । গোপাল দাসৰ মৃত্যুৰ পাছতেই ভিনিহিদেউক ডাঃ ধাবাৰাম মেছে শহুৰ পৰিয়ালটোক তেজপুৰলৈ লৈ আহে  । বিষ্ণুক তেজপুৰৰ চৰকাৰি হাইস্কুলত নাম লগাই দিয়া হল । এইবাৰ বিষ্ণু সম্মুখীন হল স্কুলীয়া মাধ্যম  তথা ভাষা সমস্যাৰ । বাংলা মাধ্যমত পঢ়ি অহা উচ্চ মেধা সম্পন্ন বিষ্ণু ৰাভাই   তেজপুৰৰ অসমীয়া মাধ্যমৰ স্কুলত অসমীয়া ভাষা লিখিব নোৱাৰে , পঢ়িব নোৱাৰে । পৰীক্ষা দিলে , ফেল কৰিলে । কিন্তু এইটো বিষ্ণু হতাশ নহল । খেলা – ধূলা , গীত -নাট আদিত প্ৰবল স্পৃহা থকা বাবে তেওঁৰ বন্ধুৰ সংখ্যা বাঢ়িল । ফলত অতি কম দিনৰ ভিতৰতে অসমীয়া ভাষা আয়ক্ত কৰাত তেওঁৰ বাবে অতি সহজ হৈ পৰিল । উজু হৈ পৰিল তেওঁৰ শ্ৰেণীৰ পাঠগ্ৰহনৰ শিক্ষা । সেইবাবে বিষ্ণুৱে চতুৰ্থ হৈ পাছ কৰিলে । তাৰ পিছত প্ৰতি বছৰে তেওঁ আগুৱাই গৈ তৃতীয় , দ্বিতীয় আৰু শেষত অষ্টমৰ পৰা নৱমলৈ  শ্ৰেণীৰ ভিতৰতে প্ৰথম হল । এনেকৈয়ে ১৯২৬চনত তেজপুৰ হাইস্কুলৰ পৰা দৰং  (বৰ্তমানৰ শোণিতপুৰ) জিলাৰ ভিতৰত এ প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰিলে ।
হাইস্কুলীয়া ছাত্ৰ জীৱনৰে পৰা বিষ্ণু আছিল আগশাৰীৰ খেলুৱৈ । বিষ্ণুৱে ভাল ফুটবল খেলে , ক্ৰিকেট খেলে , হকী খেলে । তদুপৰি  তেওঁ সুন্দৰ গীত গায় , নাচে , অভিনয় কৰে , চিত্ৰ আঁকে  । ভাওনাৰ প্ৰতিও তেওঁৰ সৰুৰে পৰাই আসক্তি আছিল গভীৰ । সেয়ে অভিনয় প্ৰেমী বিষ্ণুৱে স্কুলয়া জীৱনতে গাঁওলীয়া বন্ধু ডিমাচান্দ দাসৰ লগত স্কুলৰ পৰা বাহিৰে বাহিৰে  ভাওনা চাবলৈ গৈছিল । ভাওনা চাই অতি আপ্লুত হৈ পৰিছিল ।  তেওঁ আছিল এগৰাকী শিল্পী  তেওঁৰ শিল্পীক প্ৰতিভাৰ অংকুৰণ ঘটিছিল স্কুলীয়া জীৱনতে । এদিন স্কুলৰ হল ঘৰত সভা অনুষ্ঠিত হোৱাৰ আগ মুহূৰ্তত  সংস্কৃতি বিষয়ৰ শিক্ষক লক্ষ্মী কান্ত মিশ্ৰ ভাগৱতীয়ে এখন কাগজ হাতত লৈ হল ঘৰৰ চকীত বহি থকা অৱস্থাত বিষ্ণুৱে শিক্ষাগুৰুজনাৰ হুবুহু ছবি আঁকি স্কুলৰ সকলোকে হতাবাক কৰি তুলিছিল । কণমানি শিল্পী বিষ্ণু ৰাভাই হাইস্কুলৰ বঁটা বিতৰণি সভাত প্ৰাণ ঢালি গীত গাই সকলো শ্রোতাক গুণমুগ্ধ কৰিছিল । সেইখন সভাত বিশেষ অতিথি হিচাপে আহিছিল দৰং জিলাৰ আয়ুক্ত , এগৰাকী ইংৰাজী  চাহাব । অহংকাৰী সেই চাহাবগৰাকীয়ে হাতত মোজা নিপিন্ধাকৈ কোনো ভাৰতীয়ৰ সৈতে  কৰ্মদৰণ কৰা নাছিল । কিন্তু বিষ্ণুৰ ক্ষেত্ৰত সেই পৰম্পৰা ভংগ হৈছিল  । সেইদিনা অভিনয় সম্পর্কে বিষ্ণুৰ প্ৰতিভা দেখি প্ৰশংসা কৰি বঁটা হাতত লৈ মোজা নিপিন্ধাকৈ বিষ্ণুৰ হাতত বঁটা তুলি দিছিলে ।
প্ৰতিভাবান বিষ্ণুৰ কি বিষয়ত নাছিল প্ৰতিভা । ছাত্ৰ অৱস্থাতে কি আয়ক্ত কৰা নাছিল বিষ্ণুৱে । ঢোল , খোল , মৃদঙ্গ , ডবা , বাঁহী , চানাই , গগনা ,টোকাৰী , তবলা , খোল আদি যিসকে বজাবলৈ হাতত তুলি লৈছিল , সেই সকলোবোৰে যাদুকৰী হাতৰ পৰশত অধিক হৃদয় গ্ৰাহী আৰু চিত্তহৰণকাৰীলৈ পৰ্যবসিত হৈছিল ।
 এদিনাখন স্কুলীয়া ছাত্ৰ ৰাভাই , তেওঁৰ সহপাঠী ডিমাচান্দ দাসৰ বায়েকৰ বিয়া খাবলৈ গৈছিল ।
সেই বিয়াত সেই সময়ৰ  নাম জ্বলা ওস্তাদ ভোগী ঢুলিয়াই বেণ্ড পাৰ্টি দল এটা লৈ বিয়ালৈ আহিছিল । ভুগি ঢুলীয়াৰ ঢোল বুজালে ঢোলে কথা কয় । দৰা অহাৰ আগ মুহূৰ্তত বিয়াঘৰত ঢুলীয়া পাৰ্টি গমগমাই উঠিলে । বিষ্ণুয়ে ওচৰৰ কাৰোবাৰ পৰা ঢোল এটা যোগাৰ কৰি আনি বজাবলৈ ধৰিলে । ভোগী ধূলিয়াই বিষ্ণুৰ প্ৰতিদ্বন্দ্বি মানসিকতাক ইঙ্গিতেৰে তাচিল্য কৰি বিষ্ণুক অতি বেছি প্ৰতিদ্বন্দী কৰি তুলিছিল । আৰম্ভ হল উভয়ৰে মাজত ঢোলৰ যুদ্ধ  ।কোনোৱে কাৰো ওচৰত হাৰ নামানে । বিয়া ঘৰৰ মানুহবোৰে বাদ্য বাদনৰ যুঁজ খন উপভোগ কৰিবলৈ  দুয়োকে বেৰি ধৰিলে । নিলগৰ বিচনা এখনৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফুল বৰুৱাই থৰ লাগি চাইছে । ডেকা বুঢ়াৰ ফেপেৰিপতা যুদ্ধ । শেষত হাৰ নামানি ভোগী ধুলিয়াই ক্ষমা চোৱা চল এটা লৈ ঢোলটো নমাই থৈ বিষ্ণুক আনন্দতে সাৱটি ধৰিলে । জ্যোতিপ্ৰসাদে ওচৰত থকা কাৰোবাৰ ডিঙিৰ পৰা গামোচা এখন টান মাৰি আনি ‘ধেই দাও বুলি গৈ মণিকূট পালেহি ‘ বুলি কৈ বিষ্ণুৰ গলত গামোচাখন মেৰিয়াই দিলে ।
১৯২৬চনত দৰং জিলাৰ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ  হোৱাৰ পাছত ৰাভাই কলিকতাৰ চেণ্টপল কলেজৰ বিজ্ঞান বিভাগত এই এছ চি শ্ৰেণীত নাম লগাই । তাৰপিছত চেণ্টপল কলেজৰ পৰা ৰাভাই প্ৰথম বিভাগত আই এছ চি পাছ কৰি ৰিপোন কলেজত বি এছ চি  শ্ৰেণীত নাম লগাই পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ে । ১৯৩০চনত ৰাভাই বি এছ চিৰ বাচনি পৰীক্ষাত কলেজৰ ভিতৰত সৰ্বোচ্চ নোম্বৰ লাভ কৰে ।  ঠিক সেইসময়তে স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল । দেশ প্ৰেমী বিষ্ণু ৰাভায়ো ভাৰতৰ পৰা ব্ৰিটিছ সকলক খেদি পঠিয়াবলৈ স্বাধীনতা আৰ্জনত জঁপিয়াই পৰিল । স্বাধীনতা আন্দোলনত নিয়োজিত হোৱা বাবে ৰাভাৰ ওপৰত সাম্ৰাজ্য বাদী ব্ৰিটিছ সকলৰ চকু পৰিল । আৰু কলেজ কৰ্তৃপক্ষই তেওঁক সাৱধান কৰি দিলে আৰু এদিন হঠাৎ ব্ৰিটিছৰ চিপাহীয়ে ৰাভাৰ হোষ্টেলৰ কথা থানাতলাছ কৰিলে । সেই সময়ত ৰাভা আছিল ৰিপন কলেজৰ সাধাৰন সম্পদক । উপৰ্যপৰী চলা তদন্তই ৰাভাক অতিষ্ঠ কৰি তোলে আৰু এদিন কোনেও গম নোপোৱাকৈ ৰিপন কলেজ এৰি কছবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম লগাই । ভেক্টৰিয়া কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি তেওঁ পঢ়া শুনা আৰম্ভ কৰে ।
১৯৩০চনত দেশীয় ৰজা আৰু ব্ৰিটিছ চাহাবহতৰ ভাৰতীয় সকলৰ ওপৰত চলিছিল জঘন্য অত্যাচাৰ , নিৰ্যাতন । অত্যাচাৰ সীমা লংঘন কৰাত প্ৰজা সকল বিক্ষুব্ধ হৈ কছবিহাৰত আৰম্ভ কৰিছিল প্ৰচণ্ড বিক্ষোভ প্ৰদৰ্শন । সেই বিক্ষোভৰ শিখাই সাহহি , স্পষ্টবাদী, ছাত্ৰনেতা বিষ্ণুৰ ধৈৰ্যৰ বান্ধ ছিঙি পেলাইছিল ।
ভেক্টৰিয়া কলেজৰ ছাত্ৰ , ২১ বছৰীয়া ডেকা বিষ্ণুৱে কলেজ কৰ্তৃপক্ষৰ চকুত ধূলি দি জঁপিয়াই পৰিল এই সংগ্ৰামত । এফালে পৰীক্ষা আৰু আনফালে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জুই । স্বাধীনতা আন্দোলনৰ জুই কোৰাৰ মাজতে পৰীক্ষা শেষ হৈ গল । পৰীক্ষা দি উঠি লৰা বৰ ঘৰে ঘৰে যাবলৈ  ওলাল । তেনে এক সময়ত ৰাভাই এদিন ভেক্টৰিয়া কলেজৰ টিংখপত তিনিবৰণীয়া জাতিয়ো পতাকাখন মুকলিমূৰিয়াকৈ উত্তোলন কৰিলে । কোচ বিহাৰৰ ৰাজপ্ৰসাদৰ সিংহদুৱাৰত , জেনকিন্ন হাইস্কুলৰ মুধত আৰু দেৱান বাহাদুৰৰ পদূলি মুখত বগা কাগজত ডাঙৰ ডাঙৰ আখৰেৰে নিম্নোক্ত  কবিতাতি লিখি আৰি দিলে –
      “ৰাজ্যে আছে দুইটি পাঠা
       একটি কালো একটি সাদা ,
        ৰাইজৰ যদি মঙ্গল চাওঁ
        দুইটি পঠাই বলি দাও ।। ”
ৰাভা আৰু তেওঁৰ লগৰীয়া সকলৰ এনে কাৰ্যত ক্ষুন্ন হৈ ৰাভাক ২৪ ঘণ্টাৰ ভিতৰতে কছবিহাৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে ।
 তেজপুৰত আহি এ ৰাভাই খবৰ পালে যে তেওঁৰ ভাতৃ ৰঞ্জিতৰ মৃত্যু হৈছে আৰু  পুত্ৰ- শোকত  অন্তদ্ৰগ্ধ হৈ তেওঁৰ মাতৃও মৃত্যুক আঁকোৱালি  লছে ।
১৯৩২চনত ৪জানুৱৰীত মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে আৰু তেতিয়া সমগ্ৰ দেশ জ্বলি উঠিল । বিদ্ৰোহৰ প্ৰচণ্ড অগনি । লগে লগে তেজপুৰত ও সেই অগনি জ্বলি উঠিল । বিষ্ণু ৰাভাৰ নেতৃত্বত , মহাত্মাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু স্বাধীন ভাৰতৰ দাবীত এদিন তেজুৰৰ অগণন জনতাই স্বাধীনতাৰ শ্লো গান দি কছাৰীৰ ফালে অগ্ৰসৰ হল । তাকে দেখি পুলিচে বাধা প্ৰদান কৰি প্ৰতিবাদ জনতাক উদ্দেশ্যি কলে –  ”ৰাইজ সভা যাত্ৰা এৰি আপোনালোক ঘৰা ঘৰি গুচি যাওক  । নহলে ছত্ৰভংগ কৰিবলৈ লাঠী চলোৱা হব । এয়াই চৰকাৰৰ হুকুম । ” ৰাইজক পুনৰ সকীয়াই দিলে  ‘সভা যাত্ৰা এৰি আপোনালোক ঘৰা ঘৰি গুচি যাওক নহলে লাঠী চলাবলৈ বাধ্য হম । ‘
পুলিচৰ চৰকাৰী হুকুম শুনি যেতিয়া কিছুমানৰ ভৰিৰ খোজ  পিছলৈ পিছুৱাই , তেতিয়াই পুলিচ বাহিনীৰ সন্মুখলৈ আহি সিংহৰ দৰে বজ্র নিনাদে গৰজি উঠি বিষ্ণু ৰাভাই কৈছিল –  ” ৰাইজক ঘৰ নালাগে , লগে মাথোঁ স্বাধীনতা ।”  ৰাইজক লগে মুক্তি । ‘ আৰু সিদিনাৰ পৰাই বিষ্ণু ৰাভা ৰাইজৰ চকুত নেতা হিচাপে চিহ্নিত হল আৰু আৰক্ষীৰ বহীত বিপ্লৱী হিচাপে লিপিবদ্ধ হল ।
১৯৩১ চনত বিষ্ণু ৰাভাই ছাত্ৰ জীৱনৰ সমাপ্তি  ঘটাই  কলিকতালৈ গুচি গল ।  তাতেই তেওঁ কলম হাতত তুলি লৈ আৱাহনৰ পাতত  , বাঁহীৰ পাতত লিখিবলৈ আৰম্ভ কৰিলে । সাহিত্য প্ৰেমিৰ মাজত নকৈ চিনাকি হল এটি নাম – বিষ্ণুপ্ৰসাদ ৰাভা ।
বিষ্ণু ৰাভাৰ সংস্কৃতিক জীৱন সবলী কৰণ আৰু নতুন বোলেৰে সঁজুৱাজন আছিল অসমৰ সু-সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা । আগৰৱালা বিষ্ণুত কৈ ছয় বছৰ ডাঙৰ । সেয়ে বিষ্ণু জ্যোতিক , জ্যোতি ককাইদেউ বুলি মাতিছিল । বিষ্ণু আৰু জ্যোতিপ্ৰসাদৰ পাৰস্পৰিক সান্নিধ্য লাভ অসমীয়াত সাহিত্য সংস্কৃতিৰ উৰ্বৰ পথাৰৰ বাবেই আছিল মণি -কাঞ্চন সংযোগ  ।
গীত ,নিত্য আৰু অনন্য সাংস্কৃতিক কৰ্মত ব্যস্ত হৈ থাকোতেই বিষ্ণু ৰাভাই এবাৰ কলিকতাত লগ পাই যোৰহাটৰ ২৫ বছৰীয়া গায়িকা প্ৰিয়লতা দত্তক । প্ৰথম দেখতে তেওঁলোকে দুয়ো ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হয়  । আৰু ১৯৩৭চনৰ ২৪ নৱেম্বৰ তাৰিখৰ দুয়ো বৈবাহিক জীৱনৰ পাতনি মেলে । কিন্তু সান্নিপাত জ্বৰত ১৯৩৭ চনৰ  ২২ ডিচেম্বৰ তাৰিখে প্ৰিয়লতা ৰাভাৰ মৃত্যু হয় । বিয়াৰ মাত্ৰ ২৮দিন পাছতে  প্ৰথমা পত্নীৰ  প্ৰিয়লতা ৰাভাৰ মৃত্যু হোৱাত বিষ্ণুৰ মন ভাগি পৰে । আকস্মিক ভাবে প্ৰিয়লতাক হেৰুৱা লগীয়া হোৱাত  শোকা অগ্নিত জাহ গৈ লিখি উলিয়াই এই যুগজয়ী গন—-
                     ” পৰজনমৰ শুভ লগণত
                        যদিহে আমাৰ হৈ দেখা ।
                        …………………………..
                        কঁহানিও তুমি নেদেখিলা
                      শোকৰে ছবিটি হিয়াতে অঁকা।।”
বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ অকাল মৃত্যুৰ পাছত বেদনাৰে সিক্ত দিনবোৰত তেতিয়াৰ কমিউনিষ্ট  পাৰ্টীৰ সতীর্থ সকলে ৰাভাক সান্তনা দিয়ে ।
তেওঁ ডেৰ বছৰমন ঘৰতে বিষদত গৃহ বন্দী হৈ থকে যদি ও ১৯৩৯ চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত নৃত্য পৰিবেশেনৰ নিমন্ত্ৰণ আহে আৰু তাতে তেওঁ ১০৮ বিধ নৃত্য পৰিবেশন কৰি যথেষ্ট সমাদৰ লাভ কৰে ।
এই কালছোৱাতেই তেওঁ চিনেমা কোম্পানী ও খুলিছিল , মাছৰ বেপাৰ ও কৰিছিল , অসমীয়া সংস্কৃতিৰ প্ৰচাৰক ৰূপেও অৱতীৰ্ণ হৈছিল । অতীত প্ৰীতি , শংকৰ – মাধৱ স্মৃতি আদিয়েই আছিল তেতিয়াৰ ৰাভাৰ জীৱনৰ আদৰ্শ । এই সময়ত তেওঁ গান ৰচনা কৰি গাইছিল  —
                ” অ’ অসমীয়া ডেকা দল
                   অ’ অসমীয়া ডেকা দল
     আজি তোৰ তেজাল বদন মলিন কিয় হল ?’
জনতাৰ শিল্পী বিষ্ণু ৰাভা বামপন্থী আদৰ্শত দীক্ষিত হোৱাৰ প্ৰাক কালছোৱাক আক সন্ধিক্ষণৰ সময় বুলি চিহ্নিত কৰিব পাৰি ।
১৯৪১চনত মনোমতী ছবিৰ শ্বুটিওত লগ পোৱা কামাখ্যাৰ নিৰুপমা দেৱীৰ সন্মোহিনী ব্যক্তিতই ৰাভাক মোহিত কৰিছিল ।  নাচ গান অভিনয়ত নিৰুপমা আছিল ভীষণ প্ৰতিভাশালী , আৰু স্পষ্টবাদী । ১৯৪৬চনৰ পৰা ৰাভাই নিৰুৰ ঘৰত স্থায়ী ভাবে থাকিবলৈ লয় । তাতে গীত মাতৰ চৰ্চা চলে । সেই সময়ত পলাশবাৰীত হোৱা এখন কৃষিক সভাই তেওঁৰ মনত গভীৰ ভাৱে ৰেখাপাত কৰে । আৰু সভা থলিত তেওঁ  “ব’ল ব’ল ব’ল ব’ল কৃষক শক্তি দল ” গীতটি ৰচনা কৰে আৰু সুৰ দি সভাত নিৰুপমাৰ লগত একেলগে  গায় । নিৰুপমাৰ সংগই ৰাভাৰ যাযাবৰী জীৱনলৈ এক প্ৰকাৰৰ স্থিৰতা আনে ।  বহুতেই নিৰুপমা আৰু ৰাভাৰ  সম্পৰ্কীক সন্দেহৰ চকুৰে চাবলৈ ধৰে যদি ও নিৰুৰ বাবে ৰাভা আছিল ‘গুৰুজী’ ।
১৯৪১ চনৰ পৰা ১৯৫০ চনৰ সময়চোৱাত ৰাভাৰ মন ক্ৰমান্বয়ে বিদ্ৰোহী হৈ উঠাৰ লগতে ৰাভাই কেইবাটাও বিপ্লৱী গীত  ৰচনা কৰে  ।
১৯৪৫ চনত ৰাভাই ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰে ।
১৯৪৭চনত ভাৰতে তথাকথিত  স্বাধীনতা লাভ কৰে । কিন্তু বিষ্ণু ৰাভাৰ দৃষ্টিত সেই স্বাধীনতা প্রকৃত স্বাধীনতা নাছিল  । স্বাধীনতাৰ প্ৰতি বিতশ্ৰদ্ধ হৈ ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা টিহুৰ দিঘেলিত ৰাইজে কলা পতাকা উত্তোলন কৰি ” এই আজাদি ঝুঠা হে ” বুলি আকাশ -বতাহ  কঁপাই তোলে । তাত ৰাভাই   অংশগ্ৰহণ কৰে । ভাৰতীয় স্বাধীনতা লাভৰ পাছৰে পৰা ৰাভাক জাতীয় চৰকাৰে পুলিচ বাহিনীয়ে গ্ৰেপ্তাৰৰ বাবে বিচাৰিবলৈ ধৰে । জীৱিত বা মৃত অৱস্থাত ৰাভাক ধৰাই দিব পাৰিলে নগদ দহ হাজাৰ টকা পুৰস্কাৰ দিয়া হব বুলি কংগ্ৰেছ চৰকাৰে ঘোষিত কৰে । গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰাভাই গাৱে – ভূঞে আত্মগোপন কৰে । আত্মগোপন কালত মুক্তি ফৌজ , নাৰীমুক্তি সংঘ আৰু কৃষক – বনুৱা পঞ্চায়ত গঢ়ি তোলে । নলবাৰী জিলাৰ বেলশৰৰ নবীন চন্দ্ৰ মেধিৰ ঘৰত ৰাভাই আত্মগোপন কৰি থাকোতে লগ পাই মেধিৰ জীয়ৰী কনকলতা মেধিক । ১৯৫০চনত দুয়ো যুগ্ম জীৱন পাতনি মেলে  । কনকলতা নিজে ও আছিল আৰ চি পি আইৰ সদস্য । বিয়াৰ পাছত
আত্মগোপন কৰি থাকোতে গোৱালপাৰা জিলাৰ উত্তৰ ৰ ঘিলাগুৰি গাঁওৰ পৰা ১৯৫০ চনৰ ১৭ জুলাইত সশস্ত্ৰ পুলিচ বাহিনীৰ দলে ৰাভা আৰু কনকলতাক আটক কৰে । ধুবুৰী কাৰাগাৰত ছয় মাহ কটোৱা পাছত কনকলতাক মুকলি কৰি দিয়ে । কাৰাগাৰৰ পৰা আহি কনকলতাই তেজপুৰৰ ঘৰতে থাকে  । বিষ্ণু ৰাভাক প্রায় তিনি বছৰ কাৰাগাৰত ৰাখি ১৯৩৫চনত মুকলি কৰি দিয়া হয় ।
১৯৫৭ চনত ১২ জানুৱাৰীত প্ৰথম পুত্ৰ পৃথিৰাজ(থুন থুন ) ৰাভাৰ জন্ম হয়  আৰু ১৯৬০ চনৰ ২৮ ডিচেম্বৰত দ্বিতীয় পুত্ৰ হেমৰাজ (মুন মুন ) ৰাভাৰ জন্ম হয় । দুই সন্তানৰ জন্মৰ পিছৰে পৰা  কনকলতাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ১৯৬২ চনৰ ৫জানুৱাৰী  দিনা তেওঁৰ মৃত্যু হয় ।
১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত প্ৰাণৰ আশংকাত তেজপুৰ বাসী যেতিয়া সন্ত্ৰষ্ট হৈ পৰিছিল , তেতিয়া বিষ্ণু ৰাভাই  দেশৰৈক্ষা  আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোষতে মাতৃহীন থুন থুন আৰু মুন মুনক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিচে ১৯৬২ চনৰ ১৯ নৱেম্বৰ ৰাতি দেশদ্ৰোহী সজাই তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ কৰি ৰাখিছিল ।
কাৰাগাৰৰ পৰা মুক্তি হোৱা পিছত ৰাভাই পুনৰ কৃষকৰ মাজত জঁপিয়াই পৰে ।
আৰু ১৯৬৭ চনত ৰাভাই তেজপুৰৰ পৰা বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্বাচিত হয় । বিধায়ক হয় থকা  অৱস্থাত  ১৯৬৮ চনত ৰাভাই কৰ্কট ৰোগত আক্ৰান্ত হয় । আৰু ২৮ ডিচেম্বৰত তেওঁ মুম্বাইৰ টাটা মেমোৰিয়েল কেন্সাৰ ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হয় । তাত দুমাহ চিকিৎসা কৰা পাছত গুৱাহাটীলৈ উভতি আহে আৰু তাৰ পৰা তেজপুৰলৈ লৈ যায় ।  তেজপুৰৰ আপোন ঘৰলৈ আহি ৰাভাই জিৰণি লৈছিল । এই জিৰণি ভাগৰৰ নহয় বেমাৰৰ । কিন্তু সদা ব্যস্ত ৰাভাই বহি- শুই কটাব নোৱাৰে । সুবিধা পালেই কাৰোবাৰ সৈতে কথা পাতে , গীত গাই , ছবি আঁকে , লিখি যায় । এদিন অন্তিম মুহূৰ্তত  আগত এখন পেলনীয়া বিয়াৰ চিঠিৰ পিছফালে ১৯৬৯  চনৰ জুন মাহৰ প্ৰথম সপ্তাহত লিখিলে – – –

                 শেষ জীৱনৰ গান

               ” এয়ে মোৰ শেষ গান

          মোৰ জীৱন নাটৰ শেষ ৰাগিনী

                  কল্যান খৰমান ।”…

১৯৬৯ চনৰ ৬ জুন । হঠাৎ ৰাভা বেছি অসুস্থ হৈ পৰিল । তেওঁক লগে লগে তেজপুৰ হস্পিতাললৈ নিয়াৰ ব্যৱস্থা কৰা হল । লোকে লোকাৰন্য হৈ পৰিল হস্পিতাল চৌহদ । যোৱাৰ সময়ত অতীত প্ৰেয়সী উষাক মাত্ৰ কৈ গৈছিল —  ” উষা মোৰ যোৱাৰ সময় হল । পোনাকেইটাক চাবা ।।”
১৯৬৯চনৰ ১৯ জুনৰ সন্ধিয়াৰ পৰা ৰাভাৰ কন্ঠস্তৰ স্তিমিত হৈ আহে  । ৰাতি দুই বাজি দহ মিনিতট , অৰ্থাৎ  ২০ জুনৰ ২-১০ মিনিটোত বিপুল প্ৰতিভাধৰ , জনতাৰ প্ৰাণৰ আমঠু গননেতা বিষ্ণু ৰাভাৰ জীৱনাৱসান ঘটে ।
এই সংসাৰৰ পৰা  ৰাভাই বিদায় মাগিলে যদিও
অসমীয়া জাতি থাকে মানে , অসমীয়া সাহিত্য -কৃষ্টি -সংস্কৃতিয়ে  বিশ্ব দৰবাৰত বিজয় নিচান উৰুৱাই  থাকে মানে , অসমীয়া জনসাধাৰণৰ স্মৃতি শক্তি অটুট থাকে মানে , পুঁজিবাদী অৰ্থনীতিৰ বিশ্বায়নৰ দৌৰাতমত , সাম্ৰাজ্যবাদী আগ্ৰহানত সৰ্বসাধৰণ জনতা ককবকাই থাকে মানে বিষ্ণু ৰাভা অমৰ হৈ থাকিব ।

1 thought on “বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী | বিষ্ণুপ্ৰসাদ ৰাভা দিৱস”

Leave a Reply