অসমীয়া সাঁথৰ :
কেইটিমান অসমীয়া ভাষাত প্ৰচলিত সাঁথৰ উত্তৰেৰে সৈতে তলত দিয়া হ’ল:
১/ দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে ।
*ঘড়ী
২/ তুলা হেন ভাঁহে শিল হেন তল পৰে ।
* ভেকুলী ।
৩/ পেট আছে পেটু নাই মুখ আছে জিভা নাই ।
*কলহ ।
৪/ বাঘ হেন জাপমাৰে , কুকুৰহেন বহে ।
* ভেকুলী ।
৫/ পিটিকিলেই ভাঙে ,আফালিয়ালেও নাভাঙে।
* ভাত ।
৬/ গীত গায় , কথা কয় , মানুহ দুনুহ কোনো নাই ।
* ৰেডীঅ ।
৭/ খলপা খলপী গাটো , কোৱাচোন কি সেই টেঙাটো ?
* ঔটেঙা ।
৮/দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ।
* পঢ়াশালি ।
৯/আগ তিতা গুৰি মৌ , কি কৰিছে ভেবেলি বৌ ।
১০/ নদী নাল শুকাই গল , গছৰ আগত পানী ৰল ।
* নাৰিকল ।
১১/ ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা ।
* চোলা ।
১২/ চাৰি ভায়েকৰ কান কটা , তাৰে দুটাৰে পেট ফুটা ।
* তাঁতৰ খুটা ।
১৩/ ডেকা কালত আকাশ বোৱা , বুঢ়া কালত তল মুৱা ।
* বাঁহ ।
১৪/ খাওঁতে খাই পেটো নভৰে মুখেও নেপায় ।
* উজুটি ।
১৫/ কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান
ভাটি ।
* নাক ।
১৬/ এযোৰ পক্ষী আছে কাকো কোনেও নেদেখে ।
* চকু ।