মানুহৰ মন
আমাৰ মন এ হল প্ৰকৃত ‘আমি ‘। মানৱ দেহৰ শৰীৰটো হৈছে এক মনৰ বাহক যন্ত্ৰ , সেইবাবে মনৰ সহায়ত আমি সংসাৰত বিভিন্ন ক্ৰিয়া কৰোঁ কেতিয়াবা বহুত আনন্দ কৰো কেতিয়াবা দুখ কৰোঁ । একমাত্ৰ মন এ হল মানুহৰ আটাইতকৈ শক্তিশালী যন্ত্ৰ যাক নিয়ন্ত্ৰণ কৰিব পাৰিলে পৃথিৱীৰ সকলো কাম এ কৰিব পৰা যায় ।
ৰৱক✋
মন আৰু মগজু কেতিয়া ও একে বুলি নাভাবিব ।
কিয়নো আমাৰ মগজু হল শৰীৰৰ এটা প্ৰধান অঙ্গ
আৰু শৰীৰত ইয়াৰ নিৰ্দিষ্ট স্থান আছে । কিন্তু আমাৰ মন শৰীৰ কোনো দৃশ্যমান অঙ্গ নহয় । আমাৰ জীৱনৰ লগত চলি থকা ভাৱনা , যুক্তি , প্ৰদৰ্শন , অনুভৱ , কল্পনা শক্তি আদি আচলতে আমাৰ মনৰ হে এটা ক্ৰিয়া হয় । মানুহৰ মগজু আৰু শাৰীৰ টো যিহেতু মাহনুজনৰ অঙ্গ সেয়েহে মনৰ অবিহনে ইয়াৰ ক্ৰিয়া সম্ভৱপৰ নহয় ।
আৰু শৰীৰত ইয়াৰ নিৰ্দিষ্ট স্থান আছে । কিন্তু আমাৰ মন শৰীৰ কোনো দৃশ্যমান অঙ্গ নহয় । আমাৰ জীৱনৰ লগত চলি থকা ভাৱনা , যুক্তি , প্ৰদৰ্শন , অনুভৱ , কল্পনা শক্তি আদি আচলতে আমাৰ মনৰ হে এটা ক্ৰিয়া হয় । মানুহৰ মগজু আৰু শাৰীৰ টো যিহেতু মাহনুজনৰ অঙ্গ সেয়েহে মনৰ অবিহনে ইয়াৰ ক্ৰিয়া সম্ভৱপৰ নহয় ।
মানুহৰ মন হৈছে ওজন বিহীন , অপৰিসীম , স্বৰ্গীয় আৰু অমৰ । মনক বিভক্ত কৰিব নোৱাৰি ই স্ব-আলোকিত , স্ব-শক্তি ৱান আৰু শৰীৰৰ বাহিৰত ইয়াৰ অস্তিত্ব ।
আমাৰ শৰীৰত মনৰ স্থিতি হৈছে আলোকৰ এক সক্ষম বিন্দু , ই আমাৰ কপালৰ মধ্যবিন্দুত দুচকুৰ চেলাউৰীৰ মাজত অৱস্থান কৰে । যোগ শাস্ত্ৰৰ ভাষত এই স্থানক ‘অজ্ঞ চক্ৰ’ বোলে ।
আমাৰ মন আৰু শৰীৰৰ পাৰস্পৰিক সম্পৰ্ক হৈছে অতি নিবিড় । ইটোৱে সিটোৰ লগত প্ৰাণৰ মধ্যস্থতাত ক্ৰিয়া কৰে । অৱশ্যে আমি নিজৰ কঠোৰ আধ্যাত্মিক অনুশীলনৰ দ্বাৰা নিয়মানুবৰ্তিতাৰ সহায়ত আমি আমাৰ মনটোক শাৰিৰীক দুখ কষ্ট আৰু যন্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰো ।
মানুহৰ মনত তিনিটা স্তৰ আছে । যিয়ে মনক এটা পৰিচয় প্ৰদান কৰে । এই কেইটা স্তৰ হল-(ক)সচেতন মন : এইটো আমাৰ মনৰ এনে এটা অংশ যিয়ে ভাবে , যুক্তি প্ৰদৰ্শন কৰে , ভাল-বেয়াৰ বিচাৰ কৰে , চিন্তা আৰু বিশ্লেষণ কৰে । আমাৰ আবেগ-অনুভূতিৰ যথা ভাল লগা , ভাল নলগা , ভাল পোৱা , ঘৃণা , খং , ঈর্ষা , সুখ , দুখ আনন্দৰ এই মনতে উপলদ্ধি হয় ।
(খ) অৱচেতন মন : অৱচেতন মন হৈছে আমাৰ স্মৃতিবোৰৰ জমা ভঁৰাল । ইয়াতেই আমাৰ অতীতৰ অভিজ্ঞতাবোৰ , আবেগ অনুভূতি , ভাব , কথা-বতৰা , ক্রিয়া প্ৰতিক্ৰিয়া আদি সকলোবোৰ স্মৃতি ৰূপত মগজুত থাকে ।
(গ) অতিসচেতন মন : অতিসচেতন মনটোই হৈছে আমাৰ প্ৰকৃত , শান্ত , সমাহিত , পবিত্ৰ স্থিতি ।
Khub hundor
ধন্যবাদ 😊
সুন্দৰ কংকন 👍