এসময়ত ডিমাছা – কছাৰীসকলে এই ঠাই খন ৰাজত্ব কৰিছিল । কিছুদিন আগলৈ হোজাই আছিল নগাঁও জিলাৰ এটা মহকুমা । ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।
হোজাই জিলাৰ নামৰ উৎপত্তি :
মধ্যযুগত হোজাই জিলা ডিমাচা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জী মতে, ডিমাচা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাচা-কছাৰী সকল “হোজাই- কছাৰী” নামে জনাজাত আছিল। “হোজাই” ডিমাচা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম “হোজাই” গোষ্ঠীৰ নামৰ পৰা আহিছে।
হোজাই জিলাৰ চাৰিসীমা :
- এই জিলাৰ উত্তৰ দিশে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলা অৱস্থিত ।
- দক্ষিণে ডিমা হাছাও জিলা ।
- পূৱে কাৰ্বি আংলং পূৱ জিলা ।
- পশ্চিমে কাৰ্বি আংলং পশ্চিম জিলা অৱস্থিত ।
জিল খনৰ মহাকুমা হৈছে হোজাই ।
হোজাই জিলাৰ নৈ-উপনৈ সমূহ :
জিলা খনৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ কপিলী , যমুনা, ডিক্ৰং , লংকাজান ,লামডিং , ডিমৰু আদি ।
হোজাই জিলাৰ জনসংখ্যা :
২০১১ চনৰ লোকপিয়ল মতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩% ।
জিলা খনৰ প্ৰধান শিল্প উদ্যোগ হৈছে সাঁচি বা অগৰু গছৰ পৰা মূল্যবান তেল নিষ্কাষণৰ উদ্যোগ । ৩৬ নং আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথে এই জিলা খন অতিক্ৰম কৰিছে । জিলা খনৰ সৰ্ববৃহৎ চহৰ লামডিং মূলতঃ এক ৰেল নগৰী । এটা ৰেলৰ জংছন আৰু ইয়াতে এটা সংমণ্ডলীয় সদৰ কাৰ্যলয় আছে । কাৰ্যতঃ ইয়াক বৰাক উপত্যকাৰ বাটচৰা বুলিব পাৰি । জিলা খনৰ পৰ্যটন স্থল হৈছে লংকেশ্বৰী মন্দিৰ , সৎসঙ্গ বিহাৰ – হোজাই ।
হোজাই জিলাৰ বিধানসভা সমষ্টি :
তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল-
- যমুনামুখ
- হোজাই
- লামডিং
হোজাই জিলাৰ লোকসভা সমষ্টি :
হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।