লখিমপুৰ জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল।
লখিমপুৰ জিলাৰ নামৰ উৎপত্তি :
জনমত অনুসৰি ৰজা মহাৰজাসকলৰ ৰাজত্বকালত সমুদ্ৰগুপ্ত নামৰ মন্ত্ৰী এজনৰ নাতিনী লক্ষ্মীৰাণীৰ নাম অনুসৰি জিলাখনৰ নাম লক্ষীমপুৰ হোৱা বুলি জনা যায় ৷
লখিমপুৰ জিলাৰ জনসংখ্যা :
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪[6]। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%
লখিমপুৰ জিলাৰ চাৰিসীমা :
- জিলাখনৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ ৷
- দক্ষিণে মাজুলী জিলা ৷
- পূৱে ধেমাজি আৰু ডিব্ৰুগড় জিলা ৷
- পশ্চিমে বিশ্বনাথ জিলা আৰু অৰুণাচল প্ৰদেশ ৷
লখিমপুৰ জিলাৰ মহকুমা : ঢকুৱাখানা আৰু উত্তৰ লখিমপুৰ ৷
এই জিলাৰ মাজেৰেই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ৷
লখিমপুৰ জিলাৰ নৈ উপনৈসমূহ হল : ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, ৰঙা নৈ, দিক্ৰং, ঢল, ঘাগৰ, ধূণা, ডাংধৰা, চাৰিকৰীয়া আৰু কঢ়া ৷
এই জিলাতেই অৰুণাচল প্ৰদেশ আৰু তাৰ ৰাজধানী ইটানগৰলৈ সোমোৱা মূল প্ৰৱেশদ্বাৰ বান্দৰদেৱা অৱস্থিত ৷ লগতে মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰী আৰু পাভ অভয়াৰণ্যও এই জিলাতেই অৱস্থিত ৷ এই জিলাতেই অসম বিখ্যাত এড়ী-মুগাৰ ফাৰ্ম আছে ৷ চাহপাত ইয়াৰ মানুহৰ প্ৰধান ব্যৱসায় ৷
Great post and success for you…
Kontraktor Pameran
Kontraktor Booth Pameran
Jasa Pembuatan Booth
Kontraktor Pameran
Jasa Pembuatan Booth Pameran
Kontraktor Interior Jakarta
Jasa Pembuatan Video Company Profile