মংগল গ্ৰহ – সূৰ্যৰ পৰা মংগল গ্ৰহ দুৰত্ব | মংগলৰ উপগ্ৰহ

মংগল গ্ৰহ

 সূৰ্যৰ পৰা দুৰত্ব অনুসাৰে মংগল গ্ৰহ সৌৰজগতৰ চতুৰ্থ গ্ৰহ ৷ সূৰ্যৰ পৰা মংগল গ্ৰহৰ গড় দুৰত্ব ২২.৭২ কোটি কিলোমিটাৰ ৷ এই গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘুৰিবলৈ ৬৮৬.৯৮ পৃথিৱী-দিন সময় লয় ৷ আনহাতে ইয়াৰ নিজ কক্ষত এপাক আৱৰ্তনৰ বাবে ২৪ ঘন্টা ৩০ মিনিট ২২ ছেকেণ্ড সময় লাগে ৷ ইয়াৰ ব্যাস ৬,৭৪০.৮ কিলোমিটাৰ ৷ মংগলৰ পৃষ্ঠভাগত উষ্ণ মৰুভূমি, হিমালয়তকৈ ওখ পাহাৰ, গভীৰ উপত্যকা এই সকলো বিৰাজমান ৷ মংগলৰ বায়ুমণ্ডলৰ চাপ অতি কম ৷ এই বায়ুমণ্ডলৰ শতকৰা ৯৫ ভাগেই কাৰ্বন-ডাই-অক্সাইড ৷ অবশ্যে তেনেই সামান্য পৰিমাণে নাইট্ৰজেন আৰু আৰ্গন গেছো আছে ৷

মংগল গ্ৰহৰ ভৌতিক বৈশিষ্ট্যসমূহ

 পৃথিৱীৰ পৰা মংগল গ্ৰহ এখন ৰঙা চেপেটা কাঁহী যেন লাগে ৷ সেয়ে মংগল গ্ৰহক লোহিত গ্ৰহ বুলিও জনা যায় ৷ মংগল গ্ৰহ ৰংচুৱা ধূলিৰে পৰিপূৰ্ণ আৰু ঘন্টাত ১০০ কিলোমিটাৰ বেগত বলা বতাহে মংগল গ্ৰহত প্ৰায় ধূলিৰ ধুমুহাৰ সৃষ্টি কৰে, যাৰবাবে ইয়াক তীব্ৰ ৰঙাকৈ দেখা যায় ৷ মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে – ফ’বোছ আৰু ডিমোছ ৷ শেহতীয়াকৈ মংগল গ্ৰহৰ বুকুত এসময়ত জীৱ থকাৰ বাতৰি পোৱা গৈছে যদিও বিজ্ঞানীসকল এই বিষয়ত সম্পূৰ্ণ নিশ্চিত নহয় ৷

মঙ্গলৰ পৃষ্ঠ মূলত বেছল্ট দ্বাৰা গঠিত। ইয়াৰ কক্ষীয় বৈশিষ্ট্য পৰ্যবেক্ষণ আৰু প্ৰচুৰ পৰিমাণে মঙ্গলীয় উল্কাৰ গবেষণা কৰি এই তথ্য নিশ্চিত কৰা হৈছিল। কিছুমান গবেষণাত প্ৰমাণিত হৈছিল মঙ্গলৰ কিছু কিছু অংশত বেছল্টৰ তকৈ ছিলিকা জাতীয় পদাৰ্থ বেছি আছে। এই অঞ্চলটি বহুকেইটা পৃথিৱীৰ এণ্ডেসাইট (এক ধৰণৰ আগ্নেয় শিল) জাতীয় পাথৰৰ দৰে। এই পৰ্যবেক্ষণবোৰক ছিলিকা কাচৰ মাধ্যমতো ব্যাখ্যা কৰা যায় পৰা। পৃষ্ঠাৰ বহুকেইটা অংশ সূক্ষ্ণ আয়ৰণ অক্সাইড যৌগ দ্বাৰা আবৃত। ধূলিকণা নামত পৰিচিত এই যৌগটি বহু পৰিমাণে ট্যালকম পাউডাৰৰ দৰে।মঙ্গল গ্ৰহৰ কোনো অভ্যন্তৰীণ চৌম্বক ক্ষেত্ৰ নাই। কিন্তু কিছু পৰ্যবেক্ষণত দেখা গৈছে ইয়াৰ ভূ-ত্বকৰ কিছু অংশত চুম্বকত্ব এতিয়াও আছে।

মঙ্গল গ্ৰহৰ  জলবিজ্ঞান

বৰ্তমান মঙ্গল গ্ৰহৰ বায়ুমণ্ডলীয় চাপ ইমান কম যে ইয়াত তৰল পানী থাকা সম্ভব নহয়। কিন্তু মঙ্গল গ্ৰহত বৰফ আছে। ইয়াৰ দুই মেৰু সম্পূৰ্ণ বৰফ দ্বাৰা গঠিত। ২০০৭ চনৰ মাৰ্চত নাছাই এক বিশেষ বিজ্ঞপ্তিত জনাইছিল, মঙ্গলৰ দক্ষিণ মেৰুত যি পৰিমাণৰ বৰফ আছে সেয়া গলাই দিলে সমগ্ৰ গ্ৰহটো পানীত ডুবি যাব আৰু এই জলভাগৰ গভীৰতা হ’ব প্ৰায় ১১ মিটাৰ (৩৬ ফুট)। ইয়াৰ লগতে বৰফৰ এটা পাৰমাফ্ৰষ্ট ম্যাণ্ট্‌ল মেৰু অঞ্চলৰ পৰা ৬০° অক্ষাংশ এলাকা জুড়ি প্ৰলম্বিত আছে। মঙ্গলৰ শকত ক্ৰায়োস্ফেয়াৰৰ অভ্যন্তৰত আৰু বিপুল পৰিমাণ পানী লুকাই আছে বুলি ধাৰণা কৰা হয়। কোনো আগ্নেয় বিস্ফোৰণৰ সহায়ত ক্ৰায়োস্ফেয়াৰ ধ্বংস হ’লে এই পানী ওলাই আহিব পৰে। এই ধৰণৰ এটা বিস্ফোৰণ বহুত আগত হৈছিল যাৰ কাৰণে মঙ্গলৰ ভ্যালিচ মেৰিনাৰিছ গঠিন হৈছিল। ইতিহাসৰ এই সময়ত বিপুল পৰিমাণ পানী ওলাইছিল যি এটা সুবৃহৎ নদী উপত্যকা গঠনৰ কাৰণে যথেষ্ট আছিল। আজিৰ পৰা ৫ মিলিয়ন বছৰ আগতে এনে ধৰণৰ আৰু এটা ঘটনা ঘটিছিল যাৰ কাৰণে সাৰবেৰাছ ফোছি নামৰ এটা গাঁত উন্মুক্ত হৈছিল। ইয়াৰ ফলত এটা বৰফৰ সাগৰ সৃষ্টি হৈছিল যি এতিয়াও দেখা যায়। এই সাগৰক বৰ্তমানত এলিছিয়াম প্ল্যানিটিয়া বুলি কোৱা হয়।

 

Leave a Reply